মাজুলীত মুখ্যমন্ত্ৰী সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে অমিত শ্বাহে

Amit Shah

অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ৪ দিনৰ পিছতেই । প্ৰতিটো সমষ্টিতে চলিছে প্ৰতিগৰাকী প্ৰাৰ্থীৰে পূৰ্ণোদ্যমে প্ৰচাৰ অভিযান । সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে সোনোৱালৰ সমষ্টি মাজুলীলৈ কেন্দ্ৰৰপৰা আহিল গৃহমন্ত্ৰী অমিত শ্বাহ ৷ বিশাল জনসভা সম্বোধন কৰি অমিত শ্বাহে মুখ্যমন্ত্ৰী সোণোৱালক ৰেকৰ্ড সংখ্যক ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ আহ্বান জনাই উপস্থিত জনতাক।
 
উক্ত অনুষ্ঠানত অমিত শ্বাহে দাবী কৰে যে, সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতাৰ নেতৃত্বত অসমত উগ্ৰপন্থীৰ সমস্যা নোহোৱা হ'ল। অসমৰ বৈষ্ণৱ সংস্কৃতি ৰক্ষা কৰি যোৱাৰ বাবে নামঘৰ সমূহলৈ আঢ়ৈ লাখ টকাকৈ অনুদান আগবঢ়াইছে । ইয়াৰোপৰি শ্বাহে প্ৰশ্ন কৰে, চৰকাৰত বদৰুদ্দিন আজমলৰ দৰে নেতা থাকিলে অসমলৈ অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিব পৰা যাবনে?

Amit Shah in Majuli campaigning

অমিত শ্বাহে যোৱা পাঁচ বছৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমত বহু উন্নয়নমূলক কাম হোৱা বুলি দাবী কৰে। মাজুলী-যোৰহাট সংযোগী দলং বিজেপি চৰকাৰৰ বাবেহে সম্ভৱ হোৱা বুলিও কয় শ্বাহে ৷ শ্বাহে লগতে কয় যে, যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰিবৰ বাবে ৰ'পেক্সৰ ব্যৱস্থা কৰা হৈছে ৷

আনহাতে আজিলৈকে পিঠি দি অহা অসমৰ জলন্ত সমস্যা- বানপানী সমস্যাৰ সন্দৰ্ভত মন্তব্য কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি কৰে প্ৰত্যেকবাৰৰ দৰেই, অহা পাঁচ বছৰৰ ভিতৰত অসমক বানপানী মুক্ত কৰিব ৷ তেওঁৰ মত অনুসৰি, অসমক বানমুক্ত কেৱল নৰেন্দ্ৰ মোদীয়েহে কৰিব পাৰিব। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই অসমক কৰ’নাৰ পৰাও ৰক্ষা কৰা বুলি কয়। উল্লেখ্য যে, কোনো ক’ভিড প্ৰট’কল নমনা নিৰ্বাচনী প্ৰচাৰ সমূহৰ পিছৰপৰাই কৰ’নাৰ সংক্ৰমণ দ্ৰুত গতিত পুনৰ বৃদ্ধি পোৱা দেখা গৈছে ৷

Your Comments