'নিয়া'ৰ জিম্মাত বিজেপিৰ দৰ- দাম, শাৰীৰিক মানসিক অত্যাচাৰ বিস্ফোৰক চিঠি অখিল গগৈৰ

Akhil Gogoi

কাৰাবন্দী ৰাইজৰ দলৰ সভাপতি অখিল গগৈক ৰাষ্ট্ৰীয় তদন্তকাৰী সন্থাই নিজৰ জিম্মাত চলোৱা শাৰীৰিক-মানসিক অত্যাচাৰৰ সবিশেষ বৰ্ণনাৰে অসমবাসীলৈ বিস্ফোৰক চিঠি। জিএমচিএইচৰ পৰা বন্দী নেতা গৰাকীয়ে নৰক যন্ত্ৰণাৰ পাছতো  আপোচ কৰা নাই আৰু কোনো দিনে আপোচ নকৰে প্ৰতিশ্ৰুতিৰে প্ৰেৰণ কৰিছে অসমবাসীলৈ চিঠিখন।

Akhil's letter

চিঠিখনত নিয়া'ৰ জিম্মাত সন্মুখীন হোৱা অত্যাচাৰ বৰ্ণনা কৰি ৰাজ্যৰ জনতাক অৱগত কৰিছে।যোৰহাট জেলৰ পৰা ২০১৯ বৰ্ষৰ ১৭ ডিচেম্বৰত নিজৰ জিম্মাত লোৱা প্ৰতিটো মুহূৰ্তৰ কথা উল্লেখ আছে চিঠিখনত ৷

Akhil's letter

যোৰহাট জেলৰ পৰা গতিয়াই ভুকুৱাই আৰক্ষীয়ে যোৰহাট বিমানবন্দৰলৈ আনে।গাড়ীৰ পৰা নমাই তাতে কেইজনমান হিন্দী ভাষী লোকে পিছফালৰ পৰা ডিঙিত চেপি ধৰি হাত দুখন পিছলৈ নি কচি কচি হেণ্ডকাফ  বান্ধি এখন হেলিকপ্তাৰত উঠায়। হাত দুখন বান্ধি অনাত খং- ক্ষোভত চকুলো বাগৰি আহিছিল।

Akhil's letter

আদালতৰ অনুমতি নোলোৱাকৈ ১৮ ডিচেম্বৰৰ পুৱতি নিশা ৩মান বজাত দিল্লী নিয়া মুখ্য কাৰ্যালয়ৰ ১নং লক্‌আপত ভৰাই দিয়ে।তাপ মাত্ৰা ৩-৪ ডিগ্ৰী চেলছিয়াচত এখন লেতেৰা কম্বল, পকী মজিয়াত থাকিবলৈ দিছিল।উক্ত দিনা পুৱা ৯ বজাৰ পৰা মাৰাথন জেৰা আৰম্ভ হৈছিল।উল্লেখ্য যে জেৰাৰ সময়ত কেৱল ৰাজনৈতিক বাক্য বান, সিন্ধুত্ব বুজনি দিয়া বুলি চিঠিত উল্লেখ কৰে।

তাৎপৰ্যপূৰ্ণ যে জিম্মাত এবাৰো গগৈক সোধা নহল মাওবাদীৰে সম্পৰ্কৰ কথা।গুৱাহাটীলৈ আহি সংবাদ মাধ্যমতহে তেওঁৰ বিৰুদ্ধে মাওবাদীৰে যোগাযোগ ৰক্ষা কৰাৰ অভিযোগ থকা বুলি জনা কথা চিঠিখনত উল্লেখ কৰে।

চিঠিখনত গগৈয়ে উল্লেখ কৰিছে তেওঁক দিয়া প্ৰলোভনৰ কথা। আৰএছএছত যোগ দিলে লাভ কৰিব জামিন।প্ৰস্তাৱ গ্ৰহণ নকৰাত তেওঁক বিজেপিত যোগ দি খালি হৈ থকা বিধানসভা আসনত নির্বাচন খেলি মন্ত্ৰী হোৱাৰো প্ৰস্তাৱ দিছিল।কিন্তু নৰেন্দ্ৰ মোডী- অমিত শ্বাহৰ ফেচিবাদী আৰু দেশ বিক্ৰী নীতিক প্ৰচণ্ড বিৰোধিতা কৰি যুক্তি  দিয়া বুলি কয়।

সংগ্রামী জীৱন ত্যাগ আৰু ৰাষ্ট্ৰ বিৰোধিতা ত্যাগ কৰিব লাগে। নদীবান্ধ আন্দোলন বন্ধ কৰি, কা' বিৰোধী আন্দোলন কৰা বাবে চৰকাৰৰ ওচৰত ক্ষমা খুজিব লাগে।কিন্তু মই নামানিলো- চিঠিত অখিলে কয়।

'কৃষক মুক্তি সংগ্রাম সমিতি এৰি এনজিঅ’ কৰিব লাগে।অসমৰ মানুহক খ্ৰীষ্টীয়ান ধৰ্মলৈ যোৱাৰ বিৰুদ্ধে অভিযান চলাব লাগে।প্ৰথম অভিযানত লাভ কৰিব ২০কোটি টকা'।মান্তি নোহোৱাত অসমৰ মুখ্যমন্ত্ৰীৰ লগতে এজন প্ৰভাৱশালি মন্ত্ৰীক লগ লগাই দিয়াৰ প্ৰস্তাৱ আহিল কিন্তু তাতো মান্তি হোৱা নাছিল গগৈ।তেওঁ কয়- সকলো নস্যাৎ কৰি ৰাষ্ট্ৰৰ অবাধ্য নাগৰিক হৈ গ’লো।তেওঁলোকৰ ওচৰত মহা অভিযোগত অভিযুক্ত হৈ মুক্তিৰ সকলো পথ নিজে ৰুদ্ধ কৰি পেলালোঁ।

আনহাতে প্ৰস্তাৱ সমূহ নমনা বাবে মৃত্যু বা ১০ বছৰৰ কাৰাবন্দী কৰা ভাবুকি দিছিল।কেৱল হয় বুলিলে- ধনে ধানে উভৈনদী হ’ব।শাৰীৰিক- মানসিক ইমানেই অত্যাচাৰ কৰা হৈছিল যে ২০ ডিচেম্বৰৰ ৰাতি অস্থিৰ হৈ গৈছিলোঁ।জীৱনৰ মোহ হেৰাই গৈছিল।সমগ্ৰ ৰাতি দহ বাৰ মান টয়লেট গৈছিলো- গগৈয়ে কয়।

মোৰ মুক্তিৰ পথ জোৰ কৰি ৰুদ্ধ কৰা হ’ল।শাৰীৰিক ভাৱে সম্পূৰ্ন বিধ্বস্ত।পৰিয়াল মোটামুটি ভাৱে ধ্বংস হ’ল। তাৰ পাছতো কোনো কোনোৱে কৈছে মই বিজেপিৰ পক্ষ লৈছোঁ।মাতৃ ভূমিৰ শপত, মই জনতাৰ পক্ষত।সাম্প্ৰদায়িক বিজেপিৰ পক্ষ কোনো দিনে ল’ব নোৱাৰিম। বিজেপিক উৎখাত কৰা জীৱনৰ এটা অন্যতম লক্ষ্য- গগৈয়ে চিঠিখনত কয়।

ৰাইজক আহ্বান জনাই কয়- বিচাৰৰ দায়িত্ব ৰাইজৰ হাতত।ভুলতো বিজেপিক ভোট নিদিব।শিৱসাগৰবাসীয়ে নিশ্চয় মোক মুক্ত আকাশৰ তললৈ উলিয়াই আনিব।গভীৰ প্ৰত্যাশাৰে ৰাইজৰ সিদ্ধান্তলৈ ৰৈ আছোঁ'।

Your Comments