স্বৰ্ণকন্যা হিমা দাসে স্মৰণীয় প্ৰদৰ্শনেৰে ৰাজ্যবাসীক গৌৰৱান্বিত কৰি তোলাৰ সময়তে অসমৰ অন্য তিনিগৰাকী সুসন্তানে এক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অনন্য কৃতিত্ব অৰ্জন কৰি ৰাজ্যৰ লগতে বিশ্বনাথ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
মালয়েছিয়াত অলপতে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কাৰাটে ড’ চেম্পিয়নশ্বিপ-২০১৮ৰ ৭০ কিঃগ্ৰাঃ শাখাত বিশ্বনাথৰ হৃদয়ানন্দ দাসে স্বৰ্ণপদক অৰ্জন কৰাৰ লগতে ৬০ কিঃগ্ৰাঃ শাখাত মিলনজ্যোতি বৰদলৈ আৰু ৫৫ কিঃগ্ৰাঃ শাখাত সোনম লামাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ।
বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় কক্ষত শুকুৰবাৰে দুপৰীয়া আয়োজিত এক অনুষ্ঠানত উপায়ুক্ত ধীৰাজজ্যোতি কলিতাই এই কৃতী খেলুৱৈ তিনিগৰাকীক একোখনকৈ ফুলাম গামোচা পিন্ধাই জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে ।
অনাগত দিনত ইয়াতকৈও উচ্চস্তৰৰ প্ৰতিযোগিতাত পদক অৰ্জন কৰি দেশলৈ সুনাম কঢ়িয়াবৰ বাবে কঠোৰ অনুশীলন আৰু অধ্যৱসায় অব্যাহত ৰাখিবলৈ উপায়ুক্তই খেলুৱৈকেইগৰাকীক আহ্বান জনায় ।
উল্লেখ্য যে মালয়েছিয়াত অনুষ্ঠিত প্ৰতিযোগিতাখনিত স্বৰ্ণপদক অৰ্জন কৰা হৃদয়ানন্দ দাসে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো প্ৰতিযোগিতাত কেৱল খেলুৱৈ হিচাপেই নহয়, বৰং জাতীয় দলটোৰ প্ৰশিক্ষক, পৰিচালক আৰু বিচাৰক হিচাপেও অংশগ্ৰহণ কৰি অনেক পদক আৰু সুখ্যাতি কঢ়িয়াই আনিছে ।
কেইবাখনো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সন্মিলনত সমৰকলাৰ খ্যাতনামা ব্যক্তিসকলৰ সৈতে অংশগ্ৰহণৰ সুযোগ লাভ কৰা দাসে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীক সমৰকলাৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে আৰু তেওঁৰ ছাত্ৰ-ছাত্ৰীয়ে দেশ-বিদেশৰ বিভিন্ন প্ৰতিযোগিতাত সাফল্য অৰ্জন কৰিবলৈও সক্ষম হৈছে ।
সমৰকলাৰ প্ৰশিক্ষণৰ মাধ্যমেৰে দীৰ্ঘদিন ধৰি মহিলাসকলৰ আত্মৰক্ষাৰ ক্ষেত্ৰতো সচেতনতা সৃষ্টিৰ প্ৰয়াস অব্যাহত ৰখা এই খেলুৱৈগৰাকীয়ে জনোৱা অনুসৰি ২০২০ চনত অনুষ্ঠিত হ'বলগীয়া পৰৱৰ্তী অলিম্পিকত কাৰাটে ড’ খেলবিধকো এক ইভেণ্ট হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ অলিম্পিক কমিটীয়ে সিদ্ধান্ত লৈছে ।
দেশৰ এগৰাকী আগশাৰীৰ খেলুৱৈ হিচাপে এই ইভেণ্টত হৃদয়ানন্দ দাসেও অংশগ্ৰহণৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা যথেষ্ট উজ্জ্বল । সেয়া বাস্তৱায়িত হ’লে অলিম্পিকৰ প্ৰস্তুতিৰ ক্ষেত্ৰত জিলা প্ৰশাসন তথা চৰকাৰৰ ফালৰ পৰা সম্ভৱপৰ সকলোধৰণৰ সহায়-সহযোগ আগবঢ়োৱাৰ ব্যৱস্থা কৰা হ’ব বুলি খেলুৱৈগৰাকীক উপায়ুক্তই আশ্বাস প্ৰদান কৰে ।
- Log in to post comments
- 8 views