ৰাজ্যৰ ৩০টা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেছনেল

Pic

ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ৩০টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে সাজু 'ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেছনেল'।বিজেপি চৰকাৰৰ নীতি সলনি কৰাৰ লক্ষ্যৰে ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলে আগবঢ়াব প্ৰতিদ্বন্দ্বিতা।"এতিয়া নেতাসকলৰ বোজা কঢ়িয়াইছে ভোটাৰসকলে,কিন্তু ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলে ভোটাৰৰ বোজা কঢ়িয়াব"-এইবুলি মন্তব্য কৰে ৰাজনৈতিক দলটোৰ সভাপতি ববিতা শর্মা গোৱেলে।

ভোটাৰ্চ পাৰ্টীয়ে ভোটাৰক ৩ হাজাৰকৈ টকা দিয়া চৰকাৰক দাবী জনায়।

উল্লেখ যে প্ৰথম পৰ্যায়ত ৯ টা, দ্বিতীয় পৰ্যায়ত ৭টা আৰু তৃতীয় পৰ্যায়ত ১৪টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব দলটোৱে।

মহিলা সৱলীকৰণত অধিক গুৰুত্ব দিব ৰাজনৈতিক দলটোৱে।

গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি এই কথা ব্যক্ত কৰে ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেশ্যনেলৰ সভাপতি ববিতা শৰ্মা গোৱেলে।

Your Comments