#বিশেষ প্ৰতিবেদক হাজো,১৯ মাৰ্চ:
সমগ্ৰ ৰাজ্যতে এতিয়া চলিছে নিৰ্বাচনৰ গৰম বতাহ।তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ আজি আছিল অন্তিমটো দিন। আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ অন্যান্য প্ৰাৰ্থীসকলৰ সমান্তৰালভাৱে ৫৫ নং হাজো বিধানসভা সমষ্টিৰ প্ৰাৰ্থীসকলৰ মাজতো মনোনয়ন-পত্ৰ দাখিলৰ বাবে দেখা গ'ল বিশেষ তৎপৰতা।বিশাল জনসমাবেশেৰে দলীয় শক্তি প্ৰদৰ্শন কৰি আজি হাজো বিধানসভা সমষ্টিৰ অগপ-বিজেপি দলৰ মিত্ৰজোঁঁটৰ মনোনীত প্ৰাৰ্থী সুমন হৰিপ্ৰিয়া,ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহাজোতৰ প্ৰাৰ্থী আনোৱাৰ হুছেইন(গণেশ) আৰু নিৰ্দলীয় ডঃ প্ৰভাত কলিতাই মনোনয়ন -পত্ৰ দাখিল কৰে । হাজোৰ হয়গ্ৰীৱ মাধৱৰ আশীৰ্বাদ লৈ বিৰোধীক প্ৰত্যাহ্বানেৰে নিৰ্বাচনী ৰণডংকা বজাই সুমন হৰিপ্ৰিয়াই এক বিশাল ৰেলীৰে আগবাঢ়ি যায় মনোনয়ন দাখিলৰ বাবে।এই ৰেলীত অংশগ্ৰহণ কৰা হাজাৰ-হাজাৰ দলীয় নেতা-কৰ্মী,সমৰ্থকসকলে সুমন হৰিপ্ৰিয়া জিন্দাবাদ,বিজেপি জিন্দাবাদ, হাজোত বিজেপিৰ জয় নিশ্চিত আদি ধ্বনিৰে মুখৰিত কৰি তোলে হাজো-আমিনগাঁঁৱৰ ৰাজপথ।মনোনয়ন-পত্ৰ দাখিলৰ সময়ত বিধায়িকা গৰাকীক সংগ দিয়ে বিজেপি দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, অগপৰ প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইন,ভুৱনেশ্বৰ কলিতাৰ লগতে কেইবাজনো আগশাৰীৰ নেতাই।
মনোনয়ন দাখিলৰ পিছতেই বিধায়িকা সুমন হৰিপ্ৰিয়াই কয়:বিগত পাঁঁচটা বছৰত হাজো সমষ্টিত যথেষ্ট উন্নয়ন হৈছে।গতিকে, ৰাইজে বিজেপিৰ বাহিৰে অন্য দলৰ কথাই নাভাবে।হাজোত হেলিকপ্তাৰত নতুবা জাহাজত আহিলেও ৰাইজে ভোট নিদিয়ে বুলি দুলু আহমেদক কটাক্ষ কৰি হাজোত পুনৰবাৰ পদুম ফুলিব বুলি উল্লেখ কৰে বিধায়িকাগৰাকীয়ে।
# নিৰ্দলীয় প্ৰাৰ্থী ডঃ প্ৰভাত কলিতাৰ মনোনয়ন দাখিল:- বৰ বিশেষ জাকজমকতা নাই যদিও কিছুসংখ্যক সমৰ্থকক লগত লৈ আজি মনোনয়ন পত্ৰ দাখিল কৰে হাজো সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ডঃ প্ৰভাত কলিতাই।হাজো সমষ্টিৰ স্থবিৰ উন্নয়ন ত্বৰান্বিত কৰি হাজো সমষ্টিক সুুস্থিৰ বাতাৱৰণৰ সৃষ্টি কৰাই একমাত্ৰ লক্ষ্য বুলি উল্লেখ কৰে প্ৰাৰ্থীগৰাকীয়ে।
# কংগ্ৰেছ প্ৰাৰ্থী আনোৱাৰ হুছেইনৰ মনোনয়ন দাখিল :-কংগ্ৰেছৰ বহুকেইগৰাকী বাঘা বাঘা নেতাই দলীয় টিকট লাভৰ বাবে জল্পনা-কল্পনা কৰিছিল যদিও অৱশেষত হাজোৰ স্থানীয় যুৱক আনোৱাৰ হুছেইন(গণেশ)ক দলৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰাত উৎফুল্লিত হৈ পৰে দলীয় কৰ্মী-সমৰ্থকসকল। মনোনয়ন দাখিল কৰাৰ উদ্দেশ্যে আজি হাজোৰ শনিয়াদীৰ পৰা উলিওৱা হয় এক বিশাল ৰেলী।আগন্তুক বিধান সভা নিৰ্বাচনত বিজয়ী হোৱাৰ মানসেৰে নিজৰ শক্তি প্ৰয়োগ কৰি হাজাৰ হাজাৰ কৰ্মী- সমৰ্থকক লগত লৈ উলিওৱা এই বিশাল ৰেলীত অংশগ্ৰহণ কৰা লোকসকলে জাতীয় কংগ্ৰেছ জিন্দাবাদ, আনোৱাৰ হুছেইন জিন্দাবাদ, দুলু আহমেদ মুুৰ্দাবাদ আদি ধ্বনিৰে মুখৰিত কৰি তোলে হাজোৰ ৰাজপথ। ৰেলীৰ সময়ত সাংবাদিকৰে সৈতে হোৱা এক বাৰ্তালাপত এইবাৰ হাজোত জাতীয় কংগ্ৰেছক কোনেও প্ৰতিহত কৰিব নোৱাৰে বুলি উল্লেখ কৰি ২০ হাজাৰ ভোটৰ ব্যৱধানত তেওঁৰ বিজয় নিশ্চত বুলি দৃঢ়তাৰে প্ৰকাশ কৰে।তেওঁ হাজোৰ বিধায়িকাগৰাকীৰ কাম-কাজত সম্প্ৰতি সাধাৰণ ৰাইজ অতিষ্ঠ হৈ পৰা বুলিও উল্লেখ কৰে।
- Log in to post comments
- 14 views