অহা ২৪ ঘণ্টাৰ ভিতৰত অগাপিছাকৈ নিৰ্বাচনী প্ৰচাৰৰ ৱাবে যোৰহাটলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী আৰু অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভানেত্ৰী প্ৰিয়ংকা গান্ধী।
খবৰ অনুসৰি, ২০ মাৰ্চত যোৰহাটত নিশা কটাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ তাৰ বাবে ব্যস্ত হৈ পৰিছে যোৰহাট জিলা প্ৰশাসনৰ লগতে নিৰাপত্তা গোটসমূহ ৷ আনহাতে. একেদিনাই নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৰহাটৰ মৰিয়নীত উপস্থিত হ’ব ৰাহুল গান্ধী আৰু ইয়াৰ ঠিক এদিন পিছতেই ২১ মাৰ্চত প্ৰিয়ংকা গান্ধীয়ে যোৰহাট নগৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব।
জানিব পৰা গৈছে, শণিবাৰে বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৰহাট এয়াৰফৰ্চ ষ্টেচনত উপস্থিত হৈ ৰৰৈয়াৰ পৰা কে বি ৰোডেৰে লিচুবাৰীস্থিত মিলিটেৰি ষ্টেচনলৈ আহিব আৰু নিশা কটাব লিচুবাৰীস্থিত সেনাবাহিনীৰ ৪১ চাব্ এৰিয়াৰ মূখ্য কাৰ্যালয়ৰ গেষ্ট হাউছত ৷ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা এছপিজিৰ বিষয়াসকল ইতিমধ্যে যোৰহাটত উপস্থিত হৈ সকলো দিশ তদাৰক কৰিছে। প্ৰধানমন্ত্ৰী মোদী আহিব লগীয়া পথচোৱাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।
- Log in to post comments
- 15 views