কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত শুক্ৰবাৰে মনোনয়নপত্ৰ দাখিল কৰে মহা মহাজোঁটৰ পশ্চিম গুৱাহাটীৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ, পূৱ-গুৱাহাটীৰ কংগ্ৰেছৰ প্ৰাৰ্থী অসীমা বৰদলৈ আৰু দিছপুৰ সমষ্টিৰ আঞ্চলিক গণ মৰ্চ্চাৰ প্ৰাৰ্থী মনজিৎ মহন্তই ।
সহস্ৰাধিক দলীয় সমৰ্থকক লগত লৈ শোভাযাত্ৰা কৰি দাখিল কৰে মনোনয়ন।
উল্লেখ যোগ্য যে, পশ্চিম গুৱাহাটী সমষ্টিত অগপ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সৈতে প্ৰতিদ্বন্দ্বীতা হ’ব বুলি উল্লেখ কৰি বৰঠাকুৰে কয়- মূল্যবোধৰ ৰাজনীতিৰে কাম কৰি যাম। বিজেপিৰ বেয়া দিনত লগত থাকি ভাল দিনত ওলাই আহিছোঁ'।
কংগ্ৰেছ দলৰ মোৰ ওপৰত বিশ্বাস থকা বুলি উল্লেখ কৰি তেওঁ লগতে কয়- ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ঢোকা লৈ ৰাজনীতি কৰিছে।
ইফালে পূব গুৱাহাটীৰ প্ৰাৰ্থী অসীমা বৰদলৈয়ে কয়- 'নিষ্ঠা- সততাৰে কাম কৰিম। ৰাইজৰ ধন ৰাইজৰ বাবে ব্যৱহাৰ কৰিম। আশাবাদী এইবাৰ জয়ী হ’ম'।
অতুল বৰাক সমালোচনা কৰি মনজিৎ মহন্তই কয়- দিছপুৰ সমষ্টিৰ ৰাইজে নিৰ্ধাৰণ কৰিব এইবাৰ কোন জয়ী হ’ব কোন পৰাজিত হ’ব৷ বিগত সময়ত অতুল বৰা জয়ী হোৱা নাই বিজেপিহে সমষ্টিটোত জয়ী হৈছে।
সমষ্টিবাসীয়ে নতুন মুখ বিচাৰিছে দম্ভালি মাৰি নকওঁ কিমান ভোটত জয়ী হ’ম।পূৰ্বৰ দৰে মোডী ঢৌ নাই এতিয়া ফটা ঢোল আছে- মহন্তই কয়।
- Log in to post comments
- 11 views