#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১৯ মাৰ্চঃ
নলবাৰী জিলাৰ ৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰত গৰম হৈছে নিৰ্বাচনী বতাহ। আজি সমষ্টিটোৰ পূব বনভাগ গাঁও পঞ্চায়তৰ (বৰাজোলত)মহাজোঁটৰ প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভূঞাৰ সমৰ্থনত বৃহৎ বাইক ৰেলী উলিওৱাৰ লগতে কেইবাখনো পথসভাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বিপৰীতে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ পত্নী জুলি ডেকা(বৰুৱা) উক্ত পঞ্চায়তত একেলগে প্ৰচাৰ চলোৱা দেখা যায়।মহাজোঁটৰ প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভূঞাই পথসভাত অংশগ্ৰহণ কৰি ভাষণ দি ভোটাৰৰ মন জয় কৰাৰ চেষ্টা কৰাৰ বিপৰীতে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ পত্নীয়ে উক্ত পঞ্চায়তখনত খোজকাঢ়ি ভোটাৰৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়।
বিজেপিৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা (বৰুৱা)ই আজি কঞাকুছি(ক) আৰু (খ) মাজৰবাৰী,পোনাটাউনী,সঠামৌ আদি গাঁৱত বিজেপি প্ৰাৰ্থী তথা নিজ স্বামীৰ বাবে ভোট বিচাৰে।ইফালে,মহাজোঁটৰ প্ৰাৰ্থী ভূঞাই পঞ্চায়তখনৰ কঞাকুছি, পৈছাৰা,দলুৱা,আকনা,সঠামৌ,মাজৰবাৰী, পোনাৰকাউনী, এক নং আৰু দুই নং বৰাজোল,জাৱজাৱকুছি আদিকে ধৰি পঞ্চায়তখনৰ আটাইকেইখন গাঁৱতে প্ৰচাৰ অভিযান চলায়।ইপিনে,মহাজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে বৰাজোল বজাৰ চ'ক আৰু খাতিকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত সোণকুৰিহা চ'কত একোটাকৈ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে।পথসভাত অংশ লৈ তেওঁ মিত্ৰজোঁটৰ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। কাৰ্য্যালয় দুটা উদ্বোধন কৰি মহাজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে নিজ ভাষণত মহাজোঁটৰ চৰকাৰ হ'লে প্ৰত্যেকগৰাকী মহিলাক মাহিলী দুহেজাৰ টকাকৈ প্ৰদান কৰা হ'ব বুলিও ঘোষণা কৰে।ধৰ্মৰ নামত ভাগ ভাগ কৰি বিজেপিয়ে ভোটৰ ৰাজনীতি কৰি অহা বুলি তেওঁ সমালোচনা কৰে।প্ৰাৰ্থীগৰাকীয়ে লগতে কয় যে বিজেপিয়ে অসমখন খুলি খুলি খালে। অসমৰ সম্পদ দৈনিক বিক্ৰী কৰি ৰাইজক ঠগি আহিছে।ৰাইজ সম্প্ৰতি সচেষ্ট হৈ পৰিছে বুলি প্ৰাৰ্থীগৰাকীয়ে মন্তব্য কৰে।
- Log in to post comments
- 9 views