বকোৰ পৰা বিষ্ণু ৰাম দাস:
স্বচ্ছ আৰু নিকা প্ৰশাসনৰ শ্লোগানেৰে সমাগত অসম বিধানসভাৰ নিৰ্বাচনত কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিত অন্যান্য ৰাজনৈতিক দলৰ সমান্তৰালকৈ ভাৰতীয় গণ পৰিষদৰ দলীয় কৰ্মী আৰু নেতাই আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা। ভাৰতীয় গণ পৰিষদৰ অসম প্ৰদেশ সমিতিৰ সাধাৰণ সম্পাদক শ্যামল দত্তই এইবেলি নৱগঠিত ৰাজনৈতিক দলটোৰ পৰা দলীয় টিকট লাভ কৰি অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত তুমুল প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ দিনে-নিশাই আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ।উল্লেখ্য যে অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ অন্যতম সমষ্টি ৪৯ নং ছয়গাঁও বিধানসভা সমষ্টিত ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে যুৱ নেতা তথা সমাজকৰ্মী শ্যামল দত্তক। ইতিমধ্যে,যুৱ সমাজ কৰ্মী শ্যামল দত্তই ছয়গাঁও সমষ্টিৰ ভিন্ন প্ৰান্তত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সমাজ-সংগঠনৰ লগত জড়িত হৈ পৰিছে। ছয়গাঁও সমষ্টিৰ অন্তৰ্গত এলেকাত বিভিন্ন সংগঠন,সামাজিক অনুষ্ঠান আৰু ৰাজনৈতিকভাৱে সচেতন ব্যক্তি বিশেষৰ সৈতে জড়িত হৈ ভোট বিচাৰি প্ৰচাৰ অভিযানত উঠি-পৰি লাগিছে দত্তই। যুৱ সমাজ কৰ্মী শ্যামল দত্তই সমষ্টিটোৰ ভিন্ন জাতি-জনগোষ্ঠীৰ লগতে বৰ্ণ-ভাষা-নিৰ্বিশেষে সকলো শ্ৰেণীৰ ভোটাৰৰ কাষত ঠিয় হৈ সহায়-সহযোগ কামনা কৰাৰ লগতে ভোটাৰৰ সমস্যা সমাধানৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
আনহাতে ,প্ৰতিদিনৰ দৰে আজিও প্ৰাৰ্থীগৰাকীয়ে ছয়গাঁও সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু জনবসতি প্ৰধান কলহীকাষৰ শিঙিমাৰী আৰু বনগাঁও কেম্প অঞ্চলৰ মানাবস্তি অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায়।
শ্যামল দত্তৰ উপস্থিতিত কেইবাশতাধিক বঙালী ভোটাৰৰ উপৰিও ভিন্ন জাতি-জনগোষ্ঠীৰ ভোটাৰে যুৱ কৰ্মীজনৰ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি নিৰ্বাচনত সহায়/সহযোগ কৰাৰ লগতে জয়ী কৰাৰ দায়িত্ব লয়।
- Log in to post comments
- 10 views