#লংকাৰ পৰা মনোজ কুমাৰ পাঠক:
অৱশেষত গেৰুৱা বসন পিন্ধিলে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে'ই।হাড়ে- হিমজুয়ে কংগ্ৰেছী নেতা বুলি দাবী কৰা আৰু বিজেপিৰ তীব্ৰ সমালোচক নেতাগৰাকীয়ে অৱশেষত শৰণ ল'লে গেৰুৱা দলৰে।হোজাইৰ ননী গোপাল গেষ্ট হাউচত অনুষ্ঠিত এক বিশেষ যোগদান অনুষ্ঠানত ডাঃ অৰ্ধেন্দু কুমাৰ দে'ই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান।
কেইবাশতাধিক সমৰ্থকৰ সৈতে বুধবাৰে সপৰিয়ালে বিজেপিত যোগ দিয়ে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।
বিজেপিৰ অসম প্ৰদেশৰ প্ৰভাৰী তথা ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত পাণ্ডাৰ উপস্থিতিত এই যোগদান কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়।
যোগদান কাৰ্য্যসূচীত উপস্থিত থাকে সাংসদ ভুৱনেশ্বৰ কলিতা,উত্তৰাখণ্ডৰ মন্ত্ৰী,কেইবাগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতা।
উল্লেখ্য যে যোগদান কৰি ভাষণত দলৰ নাম কওঁতে ৰ'ব লগা হয় প্ৰাক্তন মন্ত্ৰী ডাঃ অৰ্ধেন্দু দে'ই।ভাৰতীয় বুলি কৈ ৰৈ বিজেপি বুলি ক'লে নতুন গেৰুৱা বসনধাৰী প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।কংগ্ৰেছ দলৰ গুৰুত্ব নাপাই দল বাগৰি বিজেপিত যোগদান কৰা নেতাগৰাকীয়ে পৰৱৰ্তী সময়ত গেৰুৱা দলত কিমান গুৰুত্ব পাব সেয়া লক্ষণীয় হ'ব।
- Log in to post comments
- 7 views