নিৰ্দলীয় প্ৰাৰ্থী হিচাপে দিছপুৰ সমষ্টিত অৱতীৰ্ণ হ'ব চৰণ চন্দ্ৰ ডেকা

Pic

আগন্তুক বিধানসভাৰ নিৰ্বাচনত ৫২নং দিছপুৰ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ’ব সদৌ অসম কৰ্মচাৰী  পৰিষদৰ প্ৰাক্তন সম্পাদক চৰণ চন্দ্ৰ ডেকা।"কংগ্ৰেছ,বিজেপি আৰু অসম গণ পৰিষদে দিছপুৰ সমষ্টিবাসীক বাৰে বাৰে ঠগি আহিছে।প্ৰতিবাৰে মিছা প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰি আহিছে সমষ্টিটোৰ পৰা জনপ্ৰতিনিধিসকলে।"দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল যোগে এই কথা জনালে ডেকাই।

জাতীয়তাবাদী ভাৱধাৰা লগত লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি উল্লেখ কৰি ডেকাই দহটা প্ৰতিশ্ৰুতি প্ৰদান কৰে সমষ্টিবাসীক।ইফালে,দিছপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বৃহস্পতিবাৰে মনোনয়ন-পত্ৰ দাখিল কৰিব ডেকাই। 

ৰাইজৰ পৰামৰ্শমতে সমষ্টিবাসীৰ সমৰ্থনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি উল্লেখ কৰি তেওঁ কয়-"মোৰ প্ৰতিদ্বন্দী কোন হয় নাজানো,কিন্তু নির্বাচনত মই জয়ী হোৱাটো নিশ্চিত।"

"সত্য আৰু বাস্তৱক অনুধাৱন কৰিবলৈ অসমবাসী প্ৰস্তুত হৈছে।ৰাইজৰ বিবেকক টকা-পইচাৰে কিনিব নোৱাৰে"-চৰণ চন্দ্ৰ ডেকাই লগতে কয়।

Your Comments