নগাঁৱৰ বঢ়মপুৰত ৰাইজৰ দল-অসম জাতীয় পৰিষদৰ প্ৰথমখন উমৈহতীয়া বৈঠক সম্পন্ন

Pic

*ধিং-ৰূপহীহাট-ৰহাত পৃথক প্ৰাৰ্থী প্ৰক্ষেপ*

#নগাঁৱৰ পৰা ৱাহিদুদ জামান:

অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতাত অৱশেষত ফাঁঁট মেলাটো স্পষ্ট হৈ পৰিছে। ৰাজ্যৰ অন্যান্য সমষ্টিৰ লগতে নগাঁও জিলাৰ কেইটামান সমষ্টিত দুয়োটা দল উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ সহমতত উপনীত নহ'ল। বিশেষকৈ উমৈহতীয়া প্ৰাৰ্থী বাচনিত দুয়োটা দলৰ শীৰ্ষ নেতৃত্বৰ মাজত প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতৰ বাবেই এনে পৰিস্থিতিৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে। জিলাখনৰ ধিং, ৰূপহীহাট আৰু ৰহা সমষ্টিত দুয়োটা দল সহমতত উপনীত হ'ব নোৱাৰাৰ বাবেই দল দুটাই পৃথক-পৃথক প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লগা হ'ল। অৱশ্যে বঢ়মপুৰ সমষ্টিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে দিপীকা শ‌ইকীয়াক মনোনীত কৰিছে। ইয়াৰ বিপৰীতে নগাঁও সদৰ সমষ্টিত অসম জাতীয় পৰিষদে প্ৰাৰ্থী দিয়ে যদিও বটদ্ৰৱা সমষ্টিত জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন-পত্ৰ নাকচ হয়।

১৬ মাৰ্চত পুৱা পোন প্ৰথমবাৰৰ বাবে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ এখন যৌথ সভা জিলাখনৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ৰাঙলুত অনুষ্ঠিত হয়। পিছত দুপৰীয়াৰ ভাগত ৰাঙলুতে দুয়োটা দলৰ সন্মিলিত প্ৰচেষ্টাত অনুষ্ঠিত হয় এক নিৰ্বাচনী প্ৰচাৰ সভা। উক্ত সভাত ৰাইজৰ দলৰ জিলা সাধাৰণ সম্পাদকদ্বয় প্ৰকাশ বৰুৱা আৰু ফ‌ইদুৰ ৰহমান, সাংগঠনিক সম্পাদক দেৱ প্ৰতিম বৰা, ছুৰেজা বেগম, প্ৰচাৰ সম্পাদক মানস জ্যোতি শ‌ইকীয়া, বঢ়মপুৰ সমষ্টি সমিতিৰ সভাপতি ৰঞ্জিত ডেকাৰজাৰ লগতে অসম জাতীয় পৰিষদৰ মহিলা শক্তিৰ মুখ্য সম্পাদিকা প্ৰাৰ্থী দিপীকা শ‌ইকীয়া, বঢ়মপুৰ সমষ্টি সমিতিৰ উপ-সভানেত্ৰী আৰনাৱাজ খানম, জিলা সদস্যা চুলতানা বেগম উপস্থিত থাকে। 

সভাত ৰাইজৰ দলৰ জিলা সম্পাদক প্ৰকাশ বৰুৱাই কয়, "ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ প্ৰমাণ হিচাপে বঢ়মপুৰ সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীক উমৈহতীয়া প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে। সমষ্টিটো হৈছে জাতীয়তাবাদীৰ দূৰ্গ। বিগত প্ৰায় ৩৫ বছৰ ধৰি বিজয়ধ্বজা উৰি আহিছে আৰু অনাগত দিনতো উৰি থাকিব।"সমষ্টিটোৰ পৰা এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ বিজেপি দল আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী দুগৰাকীক বিতৰ্কিত ব্যক্তি হিচাপে বৰুৱাই তীব্ৰ সমালোচনা কৰে। এই দুগৰাকী প্ৰাৰ্থীৰ কোনোবাজন জয়ী হ'লে এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব বুলিও বৰুৱাই মন্তব্য কৰে।

ইপিনে, অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দিপীকা শ‌ইকীয়াই ভাষণ প্ৰসংগত কয়, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে ভাতৃত্ববোধ ৰক্ষা কৰি এইবাৰৰ নিৰ্বাচন অৱতীৰ্ণ হৈছোঁ। এইবাৰ অসমত জাতীয়তাবাদী চৰকাৰ গঠন হ'ব বুলি দাবী কৰি শ‌ইকীয়াই কয়, 'কা' বিৰোধী স্থিতি আৰু নিবনুৱা সমস্যা সমাধানক মুল ইছ্যু লৈ আমি আগবাঢ়ি গৈছোঁ।

উল্লেখ্য যে দুয়োটা দলে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ নকৰা সমষ্টিকেইখনত কোনো প্ৰত্যাহ্বান সৃষ্টি কৰিব নোৱাৰিব বুলি চৰ্চা লাভ কৰিছে। 

Your Comments