"দিছপুৰ সমষ্টিৰ প্ৰাৰ্থিত্ব ঘূৰাই দি অতুল বৰাই নির্বাচন খেলক ১লাখ ভোটত পৰাস্ত কৰিম"-জয়ন্ত দাস

Pic

দিছপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অতুল বৰাৰ বিৰুদ্ধে দলীয় কৰ্মীৰ ক্ষোভ।দলীয় টিকট বঞ্চিত উপ-সভাপতি জয়ন্ত দাসসহ একাংশ বিজেপিৰ সমৰ্থকে দলীয় টিকট লাভ কৰা বৰ্তমানৰ বিধায়ক বৰাৰ মুকলিকৈ কৰিলে বিৰোধিতা।

উল্লেখ যে বৰ্তমান দলৰ ৰাজ্যিক উপ-সভাপতি জয়ন্ত দাসে দলীয় টিকট বিচাৰিছিল।কিন্তু দলে পুনৰ দলীয় টিকট অতুল বৰাক প্ৰদান কৰাৰ পিছতে ক্ষোভ প্ৰকাশ কৰে দাসে।

ৰুক্মিণী নগৰৰ বিহুতলীৰ খেলপথাৰত দাসে দলীয় সমৰ্থকক লগত লৈ প্ৰাৰ্থিত্ব লাভ কৰা বৰাক জনালে প্ৰত্যাহ্বান।"যদি দম আছে দলীয় টিকট ঘূৰাই দিয়ক।মোৰ সৈতে নিৰ্দলীয় খেলক।১লাখ ভোটৰ ব্যৱধানত পৰাস্ত হ'ব।"

"দিছপুৰৰ মাজ-মজিয়াত বহু পথৰ অৱস্থা আজিও ভাল নহ'ল।বৰাক মই হজম কৰিব নোৱাৰো।দৰকাৰ হ'লে দিছপুৰৰ সলনি জালুকবাৰী-পূব গুৱাহাটী সমষ্টিত দলীয় নিৰ্বাচনী প্ৰচাৰ চলাম।তাৰ বাবে দলে মোক বহিষ্কাৰ কৰিলেও কৰিব"-দাসে কয়।

সমষ্টিবাসী বিজেপি কৰ্মী-সমৰ্থকৰ সৈতে মঙলবাৰে আলোচনাত মিলিত হৈ আৱেগিক হৈ জয়ন্ত দাসে কয়-"যোৱা ৫বছৰে বৰাই সমষ্টিবাসীৰ বাবে একো নকৰিলে।যাৰ বাবে দলৰ সমৰ্থকসকলে নিৰ্বাচনত মোক নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ পৰামৰ্শ দিছে।কিন্তু মই দুটা দিনৰ সময় লৈছোঁ।মোৰ সিদ্ধান্ত অৱগত কৰিম।"

আনহাতে, জয়ন্ত দাস নিৰ্বাচনত অৱতীৰ্ণ ন'হলেহে অতুল বৰা জয়ী হ'ব দাসে উল্লেখ কৰে। 

Your Comments