বঙ্গ-বন্ধুৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানলৈ হাচিনাৰ আমন্ত্ৰণ, মাহৰ শেষ সপ্তাহত বাংলাদেশ ভ্ৰমণ মোদীৰ

modi

বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাচিনাৰ আমন্ত্রণত এইহমাহৰ শেষৰ সপ্তাহত বাংলাদেশ ভ্ৰমণত যাব প্রধানমন্ত্রী নৰেন্দ্র মোদী। মঙ্গলবাৰে বিদেশ মন্ত্রালয়ৰ তৰফৰ এই কথা প্ৰকাশ কৰিছে। 

বাংলাদেশত মুঠ তিনিটা চৰকাৰী অনুষ্ঠানত যোগদান কৰিব প্রধানমন্ত্রী মোদীয়ে। অহা ২৬ আৰু ২৭ মার্চত তেওঁ যোগ দিব বঙ্গ-বন্ধু মুজিবুৰ ৰহমানৰ জন্ম শতবার্ষিকীৰ অনুষ্ঠানত, ভাৰত-বাংলাদেশৰ কূটনৈতিক সম্পর্কৰ ৫০ বছৰ উজ্জাপন আৰু বাংলাদেশৰ স্বাধীনতাৰ ৫০ বছৰ পালন অনুষ্ঠানত। মঙ্গলবাৰে বিদেশ মন্ত্রালয়ৰ তৰফৰপৰা জনোৱা হৈছে, ২৬ মার্চত বাংলাদেশৰ 'জাতীয় দিৱস' অনুষ্টানত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব নৰেন্দ্র মোদী।

আনহাতে, পশ্চিমবঙ্গৰ বিধানসভা নির্বাচন দিন সমাগত হ’লেও মোদীৰ এই বাংলাদেশ ভ্ৰমণ অত্যন্ত গুৰুত্বপূর্ণ। কাৰণ বাংলাদেশ এই অনুষ্ঠান সমূহৰ মাজতে তেওঁ যাব মতুৱা ধাম ওড়াকান্দিলৈও। এই খবৰ পোৱা গৈছে দলীয় সূত্রৰপৰা। এইবাৰ কেৱল বংগ নহয়, একেবাৰে মতুৱাদের ঘাই শিপালৈ যোৱাৰ চেষ্টা কৰিছে প্রধানমন্ত্রীয়ে।  

চৰকাৰী কাৰ্যসূচীৰ বাহিৰে প্রধানমন্ত্রী যাব মতুৱা ধর্মগুৰু গুৰুচান্দ ঠাকুৰৰ জন্মস্থান ওড়াকান্দিলৈ। এই কাৰ্যসূচীত তেওঁৰ লগত থাকিব পাৰে বনগাঁৰ সাংসদ শান্তনু ঠাকুৰো। কেৱল মতুৱা ধাম নহয়, ৰাজনৈতিক ভাৱেও এই ভ্ৰমণ যথেষ্ট গুৰুত্বপূৰ্ণ বুলি কৈছে ৰাজনৈতিক মহলে ৷ কাৰণ বংগত একাধিক বিধানসভাত নির্ণায়ক ভূমিকা ল’ব পাৰে মতুৱাৰ ভোটে। মতুৱাসকলৰ সকলো আবেগ জৰিত হৈ আছে ওড়াকান্দি গাঁৱত। তাতেই মতুৱা ধর্মগুৰু হৰিচান্দ আৰু গুৰুচান্দ ঠাকুৰৰ জন্মস্থান।

Your Comments