'আজাদি কা অমৰুত মহোৎসৱ’ৰ সূচনা প্রধানমন্ত্রীৰ

Modo

ভাৰতৰ স্বাধীনতা সংগ্রামত জড়িত আছিল যিসকল তেওঁলোকক পোহৰলৈ আনিবৰ বাবে শুক্রবাৰে এক নতুন  উদ্যোগ ল’লে প্রধানমন্ত্রী মোদীয়ে । ৭৫তম স্বাধীনতা দিৱসৰ ৭৫ সপ্তাহ আগতেই এই উপলক্ষে প্রধানমন্ত্রীয়ে সূচনা কৰিলে 'আজাদি কা অমৰুত মহোৎসৱ’ৰ।

'আজাদি কা অমৰুত মহোৎসৱ’

প্রধানমন্ত্রী নৰেন্দ্র মোদী স্বাধীনতা আন্দোলনৰ ক্ষেত্রত কংগ্রেছৰ একাধিপত্যৰ সমালোচনা কৰি আহিছে। যদিও সেয়া ইতিহাসৰ বিষয়। এই বিষয়ৰ সমালোচনাৰে তেওঁ ইতিহাসৰ সমালোচনাই কৰিছে। তেওঁৰ মত অনুসৰি, ভাৰতৰ স্বাধীনতা সংগ্রামত আৰু অনেক সংগ্রাম-আন্দোলনৰ কথা কোৱা উচিত আছিল, কিন্তু কোৱা নহয়। স্বাধীনতাৰ ৭৫তম বর্ষ উদ্‌যাপন উপলক্ষে সেই দিশটোলৈ লক্ষ্য ৰাখি মোদীয়ে এই  'আজাদি কা অমৰুত মহোৎসৱ’ৰ সূচনা কৰিলে।

'আজাদি কা অমৰুত মহোৎসৱ’

'আজাদি কা অমৰুত মহোৎসৱ’ ভাৰত চৰকাৰৰ দ্বাৰা আয়োজিত বৃহৎ আৰু ব্যাপক এক অনুষ্ঠানৰ অংশবিশেষ। 'ইতিহাসত উপেক্ষিত'সকলৰ অৱদানৰ কথা ক’বলৈ গৈ অন্যান্য বহু নেতাৰ কথা ক’লেও মাত্র এবাৰ জৱাহৰলাল নেহৰুৰ নামো উল্লেখ কৰা শুনা গ’ল মোদীয়ে। বাৰে বাৰে ক’লে বল্লভভাই পেটেল, গান্ধীজী, সুভাষচন্দ্র বসুৰ কথা।

উল্লেখ্য, এই উপলক্ষে আমদাবাদৰ সাৱৰমতী আশ্রমৰপৰা নভসাৰি জিলাৰ দাণ্ডী পর্যন্ত এক প্রতীকী পদযাত্রাত অংশ ল’লে বহু শতাধিক মানুহে। ১৯৩০ চনত গান্ধীয়ে এই পথেৰেই খোজ কাঢ়িছিল।

উক্ত সমগ্ৰ অনুষ্ঠানসূচী প্ৰস্তুতৰ দায়িত্বত থকা কমিটিৰ শীর্ষত আছে গৃহমন্ত্ৰী অমিত শ্বাহ ৷

Your Comments