ঘণ্টাত ৭৭০০০ মাইল বেগত গতি কৰিছে ভয়ঙ্কৰ এক গ্ৰহাণু

FO32

মাজে মাজে এনে ত্রাসৰ কথা শুনা যায়। মহাজাগতিক ত্রাস। যাৰ ভয়ত কঁপি থাকে পৃথিৱী নামৰ গ্রহটো। অন্ধকাৰ মহাকাশৰপৰা প্রচণ্ড গতিত আহি আছে কোনো মহাজাগতিক বস্তু, গ্রহাণু পৃথিৱীৰ দিশে ৷ ইয়াৰ পিছত কি হ’ব? থাকিবনে পৃথিৱীৰ অস্তিত্ব? বাচি থাকিবনে মানৱ কুল?   

 বৃহস্পতিবাৰে নাছাই জনাইছে, এই সৌৰ-জগতৰ বৃহত্তম গ্রহাণুটো ২১ মার্চৰ ভিতৰত পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব। গ্রহাণুটোৰ নাম asteroid, 2001 FO32 ৷ ইয়াৰ ব্যাস প্রায় ৩০০০ ফুট। ২০ বছৰ আগত ইয়াৰ আৱিষ্কাৰ হৈছিল।  

অৱশ্যে আশংকাৰ কোনো পূৰ্বাভাস অহা ২১ তাৰিখ পৰ্যন্ত পোৱা হোৱা নাই ৷ কাৰণ the Center for Near Earth Object Studiesৰ প্রধান পল ছোডাছে পৰিস্কাৰ ভাৱে জনাইছে, এই গ্রহাণুটোৱে কোনো ভাবেই পৃথিৱীক খুন্দা মৰাৰ আশঙ্কা নাই। জনা গৈছে, এই গ্ৰহাণু পৃথিৱীৰপৰা ২০ লক্ষ কিলোমিটাৰ দূৰেৰে গুচি যাব। কিন্তু এইটোও ঠিক, '২০০১ এফঅ’৩২' নামৰ গ্রহাণুটোক বিজ্ঞানীসকলে অতি 'সমস্যা সৃষ্টিকাৰী' এক গ্রহাণু বুলিও অ্যাখ্যা দিছে। 

জানিবলৈ পোৱা গৈছে, এই গ্রহাণুটো প্রতি ঘণ্টাত ৭৭০০০ মাইল বেগেৰে গতি কৰিব। ভয়ঙ্কৰ এক গতিবেগ। পল ছোডাছে জনাইছে, দক্ষিণ আকাশেৰে যেতিয়া এই গ্ৰহাণুটো গতি কৰিব তেতিয়া ই সকলোতকৈ উজ্জ্বল হ’ব। 

Your Comments