● বিদ্যুৎ কুমাৰ ভূঞা
(এক)
বুকু হম হম কৰে মোৰ আই
কোনে নিদ্ৰা হৰে মোৰ আই
পুত্ৰ হৈ মই কি মতে তৰোঁ
আই তোৰে হৈ মই মৰোঁ ...
আজিও, এই মুহূৰ্ততো অকল ভূপেন হাজৰিকাৰ গান বুলিয়েই নহয়, মই সৰুৰে পৰা আজিলৈকে শুনি অহা গোটেইবোৰ অসমীয়া, বাংলা, হিন্দী বা এমুঠিমান ইংৰাজী ভাষাৰ গানৰ ভিতৰতো মোৰ সবাতোকৈ মন-প্ৰাণ পৰশি যোৱা গান 'বুকু হম হম কৰে' !
সৰুতেই ঘৰৰ ৰেডিঅ'টোত এই গানটোৰ আৰম্ভণিতে বাজি উঠা বেহেলাৰ প্ৰিল্যুডটো শুনাৰ লগে লগেই মোৰ সমগ্র শৰীৰৰ মাজেৰে বৈ যায় এক শোকৰ শিহৰণ, এক অব্যক্ত আৱেগত সেমেকি উঠে মোৰ দুচকু ৷
সৰুতে এই গানটোৰে প্ৰথম শাৰীকেইটা গাবলৈ শিকিছিলোঁ, গানটোৰ সমস্ত কথা আৰু বক্তব্য নজনা-নুবুজাকৈয়ে । তেতিয়াই যেন মই নজনাকৈয়ে মোৰ মনৰ মাজলৈ সোমাই আহিছিল, বুকুৰ মাজলৈ বৈ আহিছিল ভূপেন হাজৰিকা ।
১৯৭০ চনৰ কথা । মোৰ বয়স তেতিয়া পাঁচ বছৰ । ঠাণ্ডা দিন । সেইদিনাও দেউতাৰ সৈতে মই জামুগুৰিহাটৰ পৰা তেজপুৰলৈ আহিছিলোঁ । দৰং কলেজৰ কাষতে মোৰ এজনী পেহীৰ ঘৰ ।
শলগুৰিলৈকে দেউতাৰ চাইকেলত, শলগুৰিৰ বাছ ৰোৱা ঠাইখিনিৰ কাষৰে এঘৰৰ চোতালত চাইকেলখন তলা মাৰি থৈ চৰকাৰী ৰঙাবাছ এখনত উঠি, তেজপুৰৰ 'অসম ৰাজ্যিক পৰিবহণ নিগম'ৰ বাছ আস্থানত নামি আকৌ এখন ৰিক্সাত উঠি মহাভৈৰৱ মন্দিৰ পাৰ হৈ নামিছিলোঁগৈ দৰং কলেজৰ ছাত্ৰাবাসটোৰ কাষত ।
কলেজ চৌহদৰ দক্ষিণ-পূবৰ সৰু গে'টখনেৰে সোমাই দেউতাৰ পাছে পাছে কলেজৰ মাজতে থকা বৃহৎ সেউজীয়া ফিল্ডখনৰ মাজেৰে উত্তৰ-পশ্চিম দিশত থকা গে'টখনৰ ফালে খোজ দিওঁ ।
এইটো পেহীৰ ঘৰলৈ খোজকাঢ়ি যোৱাৰ চমু বাট আছিল । ৰিক্সাত উঠি গ'লে এপাক ঘূৰিব লাগে আৰু ঘূৰিলে ৰিক্সাৰ চকা ঘূৰাৰ পইচাও বাঢ়ে ।
সেইদিনা দেখিছিলোঁ কলেজখনৰ চৌপাশে এক উছৱমুখৰ পৰিৱেশ ।
ফিল্ডখনত এখন আচল ৰে'লগাড়ীৰ সমান, এটা নে দুটা ডবাৰ পুতলা ৰে'লগাড়ী চলি আছিল আৰু সৰু সৰু ল'ৰা-ছোৱালী কিছুমানে তাত আনন্দেৰে উঠা-নমা কৰি আছিল । মই থৰ লাগি ৰৈছিলোঁ । মোৰো এপাক উঠিবৰ মন গৈছিল ।
দেউতাই কৈছিল- 'নালাগে ব'ল । ৰাতি তোক লৈ আহিম । ৰাতি ইয়াতে ভূপেন হাজৰিকাই গান গাব!' মই ভাবিছিলোঁ যে দেউতাই মোক ৰে'লত উঠোৱা কথাটো তল পেলাবলৈ মই ভালপোৱা ভূপেন হাজৰিকাৰ লোভ দিছে !
আকাশবাণী গুৱাহাটীত গান গোৱা ভূপেন হাজৰিকা ইমান দূৰৰ পৰা তেজপুৰলৈ আহিবনে ! কিন্তু মোৰ সেই সন্দেহ সঁচাই মৰিষণ হ'ল । সঁচাই দেউতাৰ সৈতে নিশা আহি বহু মানুহৰ ভিৰৰ মাজৰ পৰা দেখিলোঁ ভূপেন হাজৰিকাই গান গাই থকা ।
ষ্টেজৰ পৰা বহুত দূৰৰ পৰাহে ভূপেন হাজৰিকাক দেখিলোঁ । বহু মানুহৰ ভিৰৰ কাৰণে দেউতাই মোক এবাৰ দুহাতেৰে দাঙি কোঁচত তুলি দেখুৱাইছিল । সেই নিশাই তাতে অলপ সময় চাবলৈ পালোঁ প্ৰথম অসমীয়া চিনেমা 'জয়মতী'ও ।
সেয়াই আছিল মোৰ জীৱনৰ প্ৰথম ভূপেন্দ্ৰ-দৰ্শন । ভূপেন হাজৰিকাক ওচৰৰ পৰা চোৱাৰ হেঁপাহ এটা হয়তো তেতিয়াও ৰৈ গৈছিল, কিন্তু দেউতাৰ বাবে সেয়া সম্ভৱ নাছিল আৰু সম্ভৱ নাছিল মানুহজন 'ভূপেন হাজৰিকা' হোৱা বাবেও ।
(দুই)
মই বহু পিছতহে জানিব পাৰিছিলোঁ যে তেতিয়া আছিল 'দৰং কলেজ'ৰ 'ৰূপালী জয়ন্তী' উৎসৱ । দেউতাই পিছত এদিন মোক কৈছিল- 'তই ভালকৈ পঢ়িলে তোকো এইখন কলেজত পঢ়ুৱাম ।' মোৰ সৌভাগ্য যে মই এইখন কলেজতে পঢ়াৰ সুবিধা পাইছিলোঁ ।
তেতিয়াও 'কলেজ উইক'ত মই প্ৰতিযোগিতাবোৰত কেৱল ভূপেন হাজৰিকাই গোৱা গানেই গাইছিলোঁ, কিয়নো আন গান শুনি ভালপালেও গাবলৈ হেঁপাহ ওপজা নাছিল । সেয়ে প্ৰতিযোগিতাবোৰত মোৰ বৰগীতো আছিল ভূপেন হাজৰিকাই ৰেডিঅ'ত গোৱা শুনা 'পাৱে পৰি হৰি' বা 'তেজৰে কমলাপতি,
লোকগীতো আছিল 'হে' মাই যশোৱা' বা 'তোমৰা নাযায় অ' নাযায় অ', জ্যোতি সংগীতো আছিল 'মোৰে জীৱনৰে সখা কৃষ্ণ' বা 'আমাৰে সখীয়া আকুল বিয়াকুলে', বিষ্ণুৰাভাৰ গীতো 'গুৰু মোৰ শংকৰ' বা 'সুৰৰে দেউলৰে' ইত্যাদি । এইবোৰত প্ৰথম বা দ্বিতীয় স্থান পোৱাও মনত পৰে ।
১৯৭৫ চন । সেইবাৰ মোৰ জন্মঠাই জামুগুৰিহাটত 'বাৰেচহৰীয়া ভাওনা' । মোৰ বয়স তেতিয়া দহ বছৰ । মা-দেউতাই মোৰ লগৰ ল'ৰাৰ সৈতে মোক এৰি দিব পৰা বয়স । ভিতৰৰ গাঁৱত খাবলৈ নোপোৱা ৰসগোল্লা এটা কিনি খাইছিলোঁ ঘূৰণীয়া চাৰি অনা এটা দি ভাওনাথলীতে ।
এনেতে হঠাৎ মাইকত ঘোষণা কৰা শুনিলোঁ- 'ডঃ ভূপেন হাজৰিকা ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছেহি !' লগে লগে মানুহবোৰৰ মাজত এটা উৎসাহজনক হুৱাদুৱা দেখিলোঁ ।
এটা ষ্টেমপ্ড (stamped) দেখিলো মানুহৰ মাজত । কিছু মানুহ যোৱা দেখিলোঁ ভাওনাথলীৰ বিপৰীতে থকা ঘৰখনলৈ । তেতিয়া নাজানিছিলোঁ যে সেয়া 'শোণিতকোঁৱৰ গজেন বৰুৱা'ৰ ঘৰ ।
কোনোবা এটা লগৰীয়াৰ সৈতে ময়ো গৈ সেইখিনি পালোঁগৈ । সোমাই গৈ দেখিলোঁ মানুহে এটা কোঠাৰ দুৱাৰমুখত ভিৰ কৰিছে । ঠেলি-হেঁচি আগুৱাই গৈ দেখোঁ যে তিনিজন মানুহৰ সৈতে বহি কথা পাতি আছে ভূপেন হাজৰিকাই ।
ওচৰৰ পৰা দেখিছোঁ । হয়, বাতৰিকাগজৰ ফটোত দেখা ভূপেন হাজৰিকাই হয় ! মূৰত ক'লা নেপালী টুপী, টুপীটোত ৰূপালী ৰঙৰ নেপালী খুকুৰি দুখন মাৰি থোৱা আছে, গাত তেওঁৰ এটা তেজৰঙা চোলা, ক'লা লংপেণ্টটো তলফালে ঠেক ।
ভৰিত আমাৰ দেউতাই পিন্ধাৰ দৰেই ক'লা সাধাৰণ চামৰাৰ চেণ্ডেল ('কুহিঁপাঠ'ত পোৱা 'বেলি আৰু বতাহ'ৰ দৰে আগটো ঘোৰ খোৱা কোলহাপুৰী চেণ্ডেল তেতিয়া তেওঁ পিন্ধা নাছিল) ! মন্ত্ৰমুগ্ধ হৈ চাই আছোঁ ফটোত দেখা আৰু ৰেডিঅ'ত শুনা মোৰ প্ৰিয় ভূপেন হাজৰিকাক ।
এনেতে পাছফালৰ পৰা হঠাতে কাৰোবাৰ ঠেলাত মই সোমাই গৈ কোঠাটোৰ ভিতৰ পালোঁগৈ । কি কৰোঁ কি নকৰোঁ ভাবিবলৈ নাপাওঁতেই স্বয়ং ফটোত দেখা ভূপেন হাজৰিকাই মোক ওচৰলৈ মাতি মোৰ হাত এখনত ধৰি কিবা সুধিলে ।
নাম সুধিছিল হয়তো, ইমান মনত নাই । প্ৰচণ্ড ভয় এটাই মোক গ্ৰাস কৰি পেলাইছিল। তাৰ ঠিক পিছতে 'গান গাব জানানে' বুলিও সুধিলে । নাজানো মই কি উত্তৰ দিছিলোঁ ।
কিন্তু 'গোৱাচোন' বুলি কোৱাত মোৰ মুখৰ পৰা স্বতঃস্ফূৰ্তভাবে ওলাই আহিল মই প্ৰথম চাৰিশাৰী শুদ্ধকৈ জনা বুলি ভবা গানটো- বুকু হম হম কৰে মোৰ আই ... গোৱাৰ পিছত কি হ'ল মোৰ মনত নাই, কিন্তু তেওঁৰ হাতৰ মুঠিৰ পৰা ওলাই বলিশালৰ পৰা পলোৱা ছাগলীৰ দৰে আহি আকৌ ভাওনাথলী পাইছিলোঁহি ।
ভূপেনদা যেতিয়া ভাওনাথলীলৈ আহিছিল, তেতিয়াও তেওঁৰ পিছে পিছে সোমাই যাওঁতে ভৰিত জোতা থকা কাৰণে পুলিচে দেখি ধৰিলে । পিছত জোতা খুলি হাফ পেণ্টৰ দুটা জেপত দুপাত ভৰাই সোমাওঁতে ভূপেন হাজৰিকাৰ ওচৰ চপাৰ সুযোগ নাছিল ।
তেওঁ ভাষণ দিছিল । কি কৈছিল সেয়াও বুজাৰ বয়স মোৰ নাছিল । কিন্তু আজিও মনত আছে তেওঁ 'প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলোঁ' গীতটোৰে আৰম্ভ কৰিছিল আৰু 'মৎস্য কুৰ্ম নৰসিংহ' ঘোষাফাকি গাই ভাষণ শেষ কৰিছিল ।
মই ভূপেন হাজৰিকাৰ সমুখত গান গোৱাৰ কথা ভয়তে মা-দেউতাকো জনোৱা নাছিলোঁ । মাৰ সৈতে ৰাতি মাটিত বহি ভাওনা চাই থাকোঁতে দেখিছিলোঁ ভূপেন হাজৰিকা ভাৱৰীয়াৰ মাজে মাজে দৌৰি ফুৰি কেমেৰাৰে ভাওনাৰ শ্বুটিং কৰি আছিল আৰু এবাৰ আমি বহি থকাৰ কাষেৰেই পাৰ হৈ গৈছিল ।
পিছত জানিছিলোঁ যে সেয়া আছিল অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ প্ৰযোজনাত তেওঁ নিৰ্মাণ কৰা বাৰেচহৰীয়া ভাওনাৰ তথ্যচিত্ৰখনৰ চিত্ৰগ্ৰহণ ।
(তিনি)
সৌ সিদিনাৰ কথা । ২০০৬ চন । এক জুন । পুৱাই আমাৰ জামুগুৰিহাটৰ চ'ৰাত মাৰ মৃত্যু হোৱাৰ খবৰটো গুৱাহাটীত পাই বাছেৰে ঢাপলি মেলিছিলোঁ ঘৰলৈ । সেইদিনা মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ পৱিত্ৰ আৱিৰ্ভাৱ তিথি আছিল ।
বাছৰ পৰা নামি ঘৰমুৱা হৈ গৈ থাকোঁতে আধাবাটৰ পৰাই দেখিছিলোঁ আমাৰ ঘৰৰ পিছফালৰ বাৰীখনৰ পৰা আকাশলৈ উৰি যোৱা এটি ধোঁৱাৰ কুণ্ডলী ।
ঘৰ পাই পোনেই পিছফালে ঢাপলি মেলিছিলোঁ আৰু হাতেৰে স্পৰ্শ কৰিছিলোঁ ধোঁৱা ওলাই থকা ছাঁইখিনি আৰু অনুভৱ কৰিছিলোঁ নুমাই যোৱা চিতাৰ জুইকুৰাৰ অভূতপূৰ্ব উত্তাপ মোৰ সমস্ত দেহে-মনে !
নিশা শুকান কলপাত পাৰি মাটিত শুবলৈ লওঁতেই ঠিক দহ বজাৰ লগে লগে মোৰ মোবাইল ফোনটো বাজি উঠিছিল । সিমূৰৰ পৰা 'বিদ্যুৎ' শব্দটো উচ্চাৰিত হৈছিল ।
সেই আপোনৰো আপোন কণ্ঠত ধ্বনিত হৈ উঠা মোৰ নামটো কাণত পৰাৰ লগে লগেই এটা শিহৰণ বৈ গ'ল মোৰ দেহৰ পৰা মনলৈ । নক'লেও হ'ব, সেয়া আছিল মোৰ চিৰ আৰাধ্য ভূপেনদাৰ ফোন !
তেওঁ খবৰ লৈ উঠি মোক 'অলপ কান্দিবা' বুলি আত্মসান্ত্বনা ল'বলৈ কৈ উভতি গুচি গৈছিল ১৯৬২ চনতে এৰি অহা এটি বিশেষ দিনলৈ ।
ভূপেনদাই কৈ গৈছিল- "এদিন '৬২ৰ চীনা যুদ্ধৰ মাজতে মই কলিকতাত শুনিলোঁ যে চীনা সৈন্য ইতিমধ্যে তেজপুৰ অভিমুখে অগ্ৰসৰ হৈছে ।
সেই ভয়াৱহ সন্ধিক্ষণৰ সময়ৰ খবৰৰ মাজতে খবৰ পাইছোঁ যে তেজপুৰত থকা মোৰ মাৰ কোনো খবৰ নাই, যেন মোৰ মা ক'ৰবাত হেৰাই গৈছে । কোনো খা-খবৰ নাই, মা আছে নে নাই !
তেতিয়া কলিকতাৰ পৰা তাৎক্ষণিক যোগাযোগৰো কোনো উপায় নাছিল । মোৰ চকুৰ আগত যেন চাৰিওফালে কেৱল অন্ধকাৰ, অন্ধকাৰ ! আকাশ যেন মেঘাচ্ছন্ন হৈ আহিছে । মই শুব পৰা নাছিলোঁ । কান্দিবও পৰা নাছিলোঁ ।
কান্দিব খুজিও যেন মই কান্দিব পৰা নাই । সেই নকন্দা ক্ৰন্দনখিনিয়েই যেন সেই উজাগৰী নিশা মই লিখি পেলাইছিলোঁ-
বুকু হম হম কৰে মোৰ আই
কোনে নিদ্ৰা হৰে মোৰ আই
পুত্ৰ হৈ মই কি মতে তৰো
আই তোৰে হৈ মই মৰোঁ ....
হয়, বহুতে ভবাৰ দৰে, কোৱাৰ দৰে, লিখাৰ দৰে ভূপেনদাই এই গীত 'মণিৰাম দেৱান'ৰ বাবে লিখা নাছিল, লিখিছিল জন্মদাতৃ মাতৃৰ চিন্তাত হাহাকাৰ কৰি উঠা অৱস্থাতহে, যিসময়ত অসম আৰু ভাৰতৰ আকাশো যেন কাল-এন্ধাৰে আৱৰি ধৰিছে !
সেই নিশা লিখা চাৰিশাৰীৰ পিছতহে তাৰ পৰৱৰ্তী অন্তৰাটোত তেওঁ গুচি গৈছিল নিজৰ মাতৃপ্ৰেমৰ পৰা দেশপ্ৰেমলৈ আৰু প্ৰথম অন্তৰা হিচাপে লিখিছিল-
দেশৰে চন্দ্ৰমা কাল এন্ধাৰে আৱৰে
অগণি কালিকা দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে চৰে ...
(চাৰি)
পিছত ১৯৬৩ত মুক্তি পোৱা চিনেমাখনত সেই গীতেই দেশমাতৃৰ গীত হৈ চৌদিশে ৰজনজনাই গৈছিল । ভূপেনদাৰ বুকুৰ বেদনা আৰু হাহাকাৰ তেওঁৰ অতুলনীয় সোণালী কণ্ঠেৰে এই গীতত উপচি আছে ।
তেওঁৰ নিজৰো এই 'বিশেষ প্ৰিয়' গীতটোৰ সুৰটোৰ তেওঁ বাংলাদেশৰ 'সীমানা পেড়িয়ে' (১৯৭৭) চিনেমাতো সদ্ব্যৱহাৰ কৰিছিল, যিটো গীত বাংলাদেশত আজিও সমানেই লোকপ্ৰিয় হৈ আছে-
'মেঘ থম থম কৰে কেউ নেই নেই
জল থৈ থৈ কৰে কিছু নেই নেই
ভাঙনেৰ যে নেই পাৰাপাৰ
তুমি আমি চব একাকাৰ'...
ইমানেই নহয় ৷ বাংলা ভাষাত এই একেটি সুৰৰে ভূপেনদাই আৰু এটি সংস্কৰণ কৰিছিল, য'ত স্থায়ী আৰু অন্তৰাৰ শব্দছয়ন সলনি কৰা হৈছিল । আনটি গীতৰ আৰম্ভণি আছিল-
'চোখ চলচল কৰে ওগো মা
কি ব্যথা অন্তৰে ওগো মা
ভাঙনেৰ যে খেলা চাৰিধাৰ
নেই আজ গান একতাৰ' ...
ইমানৰ পিছতো ভূপেনদাক এই সুৰে লগ এৰা দিয়া নাছিল । ১৯৯৩ চনত মুক্তি পোৱা কল্পনা লাজমিৰ 'ৰুদালি'ৰ সংগীত পৰিচালক ভূপেন হাজৰিকাই আকৌ ব্যৱহাৰ কৰিলে 'বুকু হম হম কৰে' গানটিৰ নজহা-নপমা সুৰ ।
তাকো দুবাৰকৈ, য'ত পুৰুষ কণ্ঠটো গালে ভূপেনদাই নিজে আৰু নাৰী কণ্ঠটো গোৱালে লতা মংগেশকাৰক ।
গল্পটো আছিল বংগৰ যশস্বী 'নাৰীবাদী' লেখিকা মহাশ্বেতা দেৱীৰ, কিন্তু মই যদি ভুল কৰা নাই, কাহিনীৰ পটভূমি আছিল বিহাৰৰ ।
কিন্তু চিনেমাখনৰ এক বিশেষ মাত্ৰা দিয়াৰ লগতে শুকান পটভূমিটোলৈ ৰং অনাৰ বাবেই চিত্ৰনাট্যই কাহিনীটো লৈ গৈছিল ৰাজস্থানলৈ, ৰাজস্থানৰ জয়চলমীৰলৈ । ইয়াতো ডিম্পল কাপাডিয়াৰ বাবে একেটি সুৰতে বন্ধা গীতটি ভূপেনদাৰ ইচ্ছাত 'হুম হুম' ৰাখিয়েই গুলজাৰে লিখিছিল-
'দিল হুম হুম কৰে ঘবৰায়ে
ঘন ধম ধম কৰে গৰজায়ে
এক বুন্দ কভী পানী কী
মৰী আঁখিয়োচে বৰষায়ে' ...
আজি আৰু 'দিল হুম্ হুম্ কৰে' গীতটিৰ পৃথিৱীজোৰা জনপ্ৰিয়তা আৰু প্ৰভাৱৰ কথা নতুনকৈ নক'লেও হ'ব ।
(পাঁচ)
'এন এফ ডি চি'ৰ প্ৰযোজনাৰে নিৰ্মিত 'ৰুদালি'ৰ গানৰ 'পাইৰেচী' হৈ দেশৰ সীমা ভাঙি আনকি পাকিস্তানৰো ঘৰে ঘৰে বাজি উঠিছিল ।
আমেৰিকাৰ 'কেনেডী এয়াৰপ'ৰ্ট'ত ভাৰতলৈ উৰিবলৈ শাৰীত থিয় হৈ থকা ভূপেন হাজৰিকাক দেখি পাকিস্তানলৈ যাত্ৰা কৰিবলগীয়া ইছলামাবাদৰ এজন মুছলমান ভদ্ৰলোকে 'কিউ'ৰ পৰা ওলাই আহি চিঞৰি উঠিছিল- 'হাজাৰিকাজী, গা-তে যাইয়ে এইচা নগমা- দিল হুম হুম কৰে ...
ডিম্পল অভিনীত 'শনিচৰী' চৰিত্ৰটিৰো যেন বুকুত হেজাৰ নকন্দা ক্ৰন্দনৰ মৌন উচুপনি । স্বামীক হেৰুৱাইছে, পুত্ৰ-বোৱাৰীয়ে এৰি গৈছে তাইক । অথচ তাইৰ চকুৰ চকুপানী যেন ক'ৰবাত শুকাই শিল হৈ গৈছে ।
অৱশেষত যেতিয়া শনিচৰীয়ে কান্দিবলগীয়া দৃশ্যটোৰ চিত্ৰগ্ৰহণ হৈছিল, তেতিয়াও চিনেমাৰ চৰিত্ৰ 'শনিচৰী'ৰ দৰেই ডিম্পল কাপাডিয়াৰো চকুপানী ওলোৱা নাছিল লতাজীৰ কণ্ঠৰ সংস্কৰণটো বজাই দিওঁতে ।
এই গানটোৰ শ্বুটিঙৰ আগে আগে ভূপেনদা অসমলৈ আহিছিল । ডিম্পল কাপাডিয়াৰ হঠাতে নিউম'নিয়া অসুখ হোৱাত চিনেমাৰ শ্বুটিং কিছুদিন পিছুৱাই দিয়া হৈছিল । যি কি নহওক, গানটোৰ শ্বুটিঙৰ সময়ত ডিম্পলে ভূপেনদাক আহি কৈছিল- 'দাদা, লতাজী সৰস্বতীৰ অৱতাৰ ।
কিন্তু মোক কান্দিব পৰাকৈ যিটো সঁচা দুখ বুকুত দৰকাৰ, সেইটো মই আপোনাৰ মাতটোতহে পাইছোঁ । চিনেমাত যি কৰে কৰিব, শ্বুটিঙত আপোনাৰ কণ্ঠৰ গানটো বজাওক, মই কান্দিম !'
এইখিনি কথাও পৰৱৰ্তী সময়ত মই ভূপেনদাৰ মুখতে শুনিবলৈ পাইছিলোঁ । মন কৰিব, সাধাৰণতে এগৰাকী নাৰীৰ বুকুৰ ক্ৰন্দন হিচাপে নেপথ্যত ব্যৱহাৰ কৰা গান এটা কোনোবাই পুৰুষ কণ্ঠত ব্যৱহাৰ কৰাৰ কথা ভাবিহ পাৰেনে ?
অথচ 'ৰুদালি'ত প্ৰচলিত নিয়ম ভাঙি (নিয়ম ভঙা মানুহ ভূপেন হাজৰিকা) পুৰুষ কণ্ঠৰ গীতটিও ব্যৱহাৰ কৰা হৈছিল ।
(ছয়)
সেই বছৰ ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ পুৰস্কাৰ প্ৰসংগত চৰ্চালৈ আহিল সুদীৰ্ঘ বয়সৰ ব্যৱধান থকা দুগৰাকী সংগীতকাৰৰ নাম । নিসন্দেহে কল্পনা লাজমিৰ 'ৰুদালি'ৰ বাবে ভূপেন হাজৰিকা আৰু মণিৰত্নমৰ 'ৰোজা'ৰ বাবে এ আৰ ৰেহমানৰ নাম ।
অৱশেষত সংগীত পৰিচালকৰ বঁটা দিয়া হৈছিল এ আৰ ৰেহমানক আৰু ১৯৭৫ চনতে অসমীয়া চিনেমা আব্দুল মজিদৰ 'চামেলি মেমচাহাব'ৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান অৰ্জন কৰা ভূপেন হাজৰিকাৰ হাতত সেইবছৰেই তুলি দিয়া হৈছিল ভাৰতীয় চিনেমাৰ সৰ্বোচ্চ সন্মান 'দাদাচাহেব ফাল্কে বঁটা' ।
তদুপৰি, 'ৰুদালি'ৰ অপূৰ্ব সংগীতৰ বাবে ভূপেন হাজৰিকাই লাভ কৰিছিল জাপানত অনুষ্ঠিত 'এছিয়া পেচিফিক ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল'ৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান ।
এই চিনেমাখনৰ সংগীতৰ বাবেই ভূপেন হাজৰিকা আমন্ত্ৰিত হৈছিল সেই বছৰ অক্টোবৰত চিৰিয়াৰ ৰাজধানী চহৰ ডামাস্কাছত অনুষ্ঠিত 'আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ, যি মহোৎসৱত ভাৰতক প্ৰতিনিধিত্ব কৰা একমাত্ৰ চিনেমা আছিল 'ৰুদালি' ।
একে বছৰতে 'ৰুদালি'ৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ 'বলৰাজ সাহানী বঁটা'ও লাভ কৰে ভূপেন হাজৰিকাই । আনকি এক আন্তঃৰাষ্ট্ৰীয় বজাৰত চিনেমাখন নেদেখাকৈয়ে 'ৰুদালি'ৰ গান শুনি আৰু দুখনমান স্থিৰচিত্ৰ চোৱাৰ পিছতে চিনেমাখনৰ স্বত্ব বিক্ৰী হোৱা বুলি মই ভূপেনদাৰ পৰাই জানিবলৈ পাইছিলোঁ ।
আনকি 'পান মিউজিক' (PAN MUSIC)-ৰ দ্বাৰা পৰিবেশিত চিনেমাখনৰ গানৰ এলবামৰ ব্যৱসায়ো আছিল উল্লেখযোগ্য ।
(সাত)
এবাৰ ডি ৱাই-৩৬৫ৰ মজিয়াত সাংবাদিক মৃণাল তালুকদাৰে ভূপেন হাজৰিকাৰ সৰ্বশ্ৰেষ্ঠ গানৰ সন্ধানত দৰ্শক-শ্ৰোতাৰ মাজত এটি ধাৰাবাহিক সমীক্ষা চলাইছিল, য'ত এই লেখকেও ভাগ লোৱাৰ আমন্ত্ৰণ পাইছিলোঁ ।
এটি সমীক্ষাৰ মাজতে তেওঁ মোৰ দৃষ্টিত ভূপেন হাজৰিকাৰ শ্ৰেষ্ঠতম গানটো কি জানিব খুজিছিল আৰু মই অৱধাৰিতভাৱেই 'বুকু হম হম কৰে' গানটিলৈ আঙুলিয়াই ভূপেনদাৰ এইটোৱেই সৰ্বশ্ৰেষ্ঠ গান বুলিছিলোঁ আৰু সমীক্ষাটোৰ শেষত ৰাইজৰ বিচাৰতো এই গানটোৱেই সৰ্বশ্ৰেষ্ঠ প্ৰতিপন্ন হৈছিল ।
এবাৰ ভূপেনদাই গুৱাহাটীৰ নিজৰাপাৰৰ মুকলি চোতালখনত বহু মানুহৰ মাজত মোক তেওঁৰ কাষলৈ মাতি নি কৈছিল- 'বিদ্যুৎ, মোৰ গানবোৰ ভালকৈ ৰাখিছানে ? মই মৰাৰ পাছতো গানবোৰ জীয়াই থাকিবনে ?' মই আৱেগ-বিহ্বল হৈ কৈছিলোঁ- 'আপুনি এইবোৰ কি ক'ব ধৰিছে ?
আপোনাৰ গান মোৰ হাতত কিয়, অসমৰ ঘৰে ঘৰে মহাপুৰুষৰ 'কীৰ্তন' 'নামঘোষা'ৰ দৰে আছে আপোনাৰ গান ।' তেওঁ আকৌ কৈছিল- 'গোটেইখিনি নহ'লেও চাৰিটামান গান থাকিবনে ?
এই ধৰা 'সাগৰ সংগমত', 'বুকু হম হম কৰে', 'বিস্তীৰ্ণ পাৰৰে', 'মানুহে মানুহৰ বাবে' ...! তেওঁৰ অতি হেঁপাহৰ এই গানকেইটিৰ কথা তেওঁ বিশেষভাৱে উল্লেখ কৰালৈ চাই নিসন্দেহে এইকেইটা তেওঁৰ যি কাৰণতেই নহওক কিয়, হৃদয়ৰ বেছি ওচৰৰ আছিল যেন মোৰ ভাব হয় ।
(আঠ)
'বুকু হম হম কৰে' গানটিৰ এই বিশেষ সন্মোহন শক্তিৰ নেপথ্যত কি আছে ?
ভূপেন হাজৰিকাই নিজে এগৰাকী সুৰৰ যাদুকৰ হৈয়ো কিয় বাৰে বাৰে এই সুৰটো ব্যৱহাৰ কৰি আছিল ? হয়তোবা ইয়াৰ ঘাই কাৰণ মাতৃ ।
সেই মাতৃ নিজৰ জন্মদাত্ৰী মাতৃয়েই হওক বা পৃথিৱীৰ যিকোনো এগৰাকী মাতৃয়েই হওক, লাগিলে সেই মাতৃগৰাকী মানৱেই হওক বা জীৱ-জন্তুৰে হওক কিম্বা দেশমাতৃয়েই নহওক কিয়, মাতৃ সদায় মাতৃয়েই ।
ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা ভৱেন দাসৰ 'মা' নামৰ অসমীয়া চিনেমাখনত থকা ভূপেনদাৰ নিজৰ কণ্ঠৰ শীৰ্ষ গীতটি মনত পৰিছে-
'আকাশ বিশাল সাগৰ বিশাল
তাতোকৈ বিশাল মাতৃ হৃদয়
পশু-পক্ষী বা নৰ-নাৰীৰ
মাতৃৰ স্নেহমায়া চিৰমধুময় ...
'বুকু হম হম কৰে' গানটোৰ কেন্দ্ৰীয় বিষয়ো সেই একেই মাতৃ-হৃদয়ৰ ক্ৰন্দনৰ প্ৰকাশ । সেই কান্দোন ভূপেন হাজৰিকাৰ কণ্ঠৰ 'দিল হুম হুম কৰে' গীতটিৰ গায়নতো শুনোতাৰ হৃদয়ত প্ৰতিধ্বনিত হয় ।
আনহাতে, দেশৰ কেইবাখনো আগশাৰীৰ লোকপ্ৰিয় ইংৰাজী কাকত-ফিল্ম আলোচনীৰ সমীক্ষাত 'ৰুদালি'ৰ এই গীতটিয়ে শীৰ্ষস্থান লাভ কৰিছিল, সংগীত সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰিছিল ।
আনকি লতা মংগেশকাৰৰ লাখ লাখ লোকপ্ৰিয় হিন্দী চিনেমাৰ গানৰ মাজতো 'টপ-১০' তালিকাত অন্তৰ্ভুক্ত হৈছিল এই গীত ।
ভাৰতীয় টেলিভিছনৰ সংগীতৰ ৰিয়েলিটী শ্ব'বোৰতো দেখা পাওঁ যে কোনোবা নহয় কোনোবা প্ৰতিযোগীয়ে গাইছে 'দিল হুম হুম কৰে', লাগিলে তেওঁ পশ্চিমবংগৰে হওক বা পঞ্জাবৰ, দক্ষিণ ভাৰতৰে হওক বা অসমৰ ।
আনকি ইউ-টিউবত গানটোৰ প্ৰথম তিনিটা শব্দ লিখিলেই এটা দীঘলীয়া শাৰী হৈ দেখা দিয়ে, কিমান নতুন প্ৰজন্মৰ গায়ক-গায়িকাই নিজৰ নিজৰ কণ্ঠত গোৱা এই গীতটি আপলোড কৰিব লাগিছে ।
স্মৰ্তব্য যে এক সমীক্ষা অনুসৰি, ১৯৬২ চনৰে এই সুৰটিত গোৱা মূলতঃ 'দিল হুম হুম কৰে' গীতটি সন্নিবিষ্ট 'ৰুদালি'ৰ এলবাম ক্ৰয় কৰা গ্ৰাহকৰ বুজনসংখ্যক আছিল যুৱপ্ৰজন্ম বা 'টিন-এজ' (teenage) শ্ৰোতা ।
যিকোনো অসমীয়া, বাংলা আৰু হিন্দী গানৰ শ্ৰোতাক যদি ক্ৰমে 'মণিৰাম দেৱান', 'সীমানা পেড়িয়ে' বা 'ৰুদালি'ৰ গানৰ বিষয়ে সুধিলেই বহুকেইটা গানৰ মাজতো সকলোৱে প্ৰথমেই কৈ উঠিব 'বুকু হম হম কৰে' বা 'মেঘ থম থম কৰে' বা 'দিল হুম হুম কৰে' !
(ন)
সেই তিনিটা ভাষাৰ তিনিওটা গানৰো মূল সুৰ (mother tune) হৈছে 'বুকু হম হম কৰে', যিটো গান পুনৰবাৰ যেন ঘূৰি আহিল মোৰ মাতৃৰ মৃত্যুৰ দিনাখন । সেইদিনা নিশা 'বুকু হম হম কৰে' গানটো গুণগুণাই উঠি ভূপেনদাই আৰু কিছু সময় মোক কিবা কৈছিল ।
কি কৈছিল, সেয়া আৰু মোৰ মনত নৰ'ল । মাথোঁ আজিও মনত ৰৈ গ'ল তেওঁ ফোনতে গুণগুণাই যেন মোক সান্ত্বনা দিবলৈকে গোৱা সেই পুৰণি হৈয়ো পুৰণি নোহোৱা চিৰকালৰ গান- বুকু হম হম কৰে মোৰ আই ... ●
- Log in to post comments
- 478 views