চন্দ্ৰত যৌথ ভাৱে স্পেচ্‌ ষ্টেচন নিৰ্মাণ কৰিব চীন-ৰাছিয়াই

Space station

মঙ্গল আৰু চন্দ্ৰ-- শেহতীয়াকৈ এই দুটা বিষয়তেই সকলোতকৈ বেছি চৰ্চা হৈছে বিশ্বৰ মহাকাশবিজ্ঞানীসকলৰ মাজত। এইবাৰ সেই চর্চাৰেই ফলশ্রুতি, চন্দ্ৰত ৰাছিয়া-চীনৰ যৌথ মহাকাশ ষ্টেচন নিৰ্মাণৰ সিদ্ধান্ত।

ৰাছিয়াৰ স্পেচ্‌ এজেন্সি ৰচকচমছ আৰু চীনৰ স্পেচ্‌ এজেন্সি চিএনএছএ-য়ে চন্দ্ৰৰ মাটিত অথবা কক্ষপথত এই স্পেচ ষ্টেচনটো নিৰ্মাণ কৰিব বুলি শুনা গৈছে। এইটো হ’ব একেবাৰে আন্তর্জাতিক মহাকাশ ষ্টেচনৰ দৰেই। এই সূত্রে দুইদেশৰ মাজত এক চুক্তিপত্ৰও স্বাক্ষৰিত হৈছে।

চিএনএছএ-ৰ ফালৰপৰা জনোৱা হৈছে, চন্দ্ৰৰ এই ষ্টেচনটোৰ নাম হ’ব 'আন্তর্জাতিক চন্দ্ৰ গৱেষণা ষ্টেচন' (আইএলআৰএছ)। গৱেষণা চলাবৰ বাবে সেই ষ্টেচনত যাব পাৰিব যি কোনো দেশৰ মহাকাশচাৰী। যি কোনো দেশৰ মহাকাশ গৱেষণা সংস্থাই সেই ষ্টেচনলৈ পঠাব পাৰিব যন্ত্রপাতিও।

মঙ্গলত উপনিবেশ বনোৱাৰ বাবে নতুনকৈ মহাকাশ ষ্টেচন নিৰ্মাণ কৰি নানান প্রয়োজনীয় পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন হৈছিল বহু দিন ধৰি। সেই সকলো পৰীক্ষা-নিৰীক্ষা চন্দ্ৰৰপৰাই আৰম্ভ কৰিবলৈ বিচাৰিছে মহাকাশ গৱেষণা সংস্থাই।

Your Comments