পশ্চিমবঙ্গ বিধানসভা নির্বাচনত দলৰ দায়িত্বপ্রাপ্ত নেতাসকলক নিৰ্বাচনী প্রচাৰত পূৰ্ণোদ্যমে নামি পৰিবলৈ নির্দেশ দিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৷ তেওঁৰ দাবী, বংগত বিজেপিৰ জয় হ’বই।
বুধবাৰে দলৰ সংসদীয় কমিটিৰ বৈঠকত মোদীয়ে কয়, মানুহৰ কাষত উপস্থিত হওক। এইবাৰ বংগত বিজেপিৰ জয় নিশ্চিত। দলৰ যিসকল নেতা নির্বাচনৰ দায়িত্বত আছে তেওঁলোকে নিজৰ দায়িত্ব সঠিক ৰূপে পালন কৰক।
উল্লেখ্য যে, যোৱা ৭ ফেব্ৰুৱাৰীত ব্রিগেডৰ সভাত অংশগ্ৰহণ কৰিছিল নৰেন্দ্র মোদীয়ে ৷ এদিনৰ এই সভাত অভিনেতা মিঠুন চক্রবর্তীয়ে বিজেপিত যোগদান কৰে। এইবাৰ পুনৰ পশ্চিমবংগলৈ আহিছে প্রধানমন্ত্রী। এই খবৰ পোৱা গৈছে দলীয় সূত্রৰপৰা।
উল্লেখ যোগ্য যে, অহা ২৭ মার্চৰপৰা সম্পূৰ্ণ ৮ দফাত বিধানসভা নির্বাচনৰ ভোটগ্রহণ প্ৰক্ৰিয়া চলিব পশ্চিমবংগত। ফল ঘোষণা হ’ব ২ মে’ত।
- Log in to post comments
- 9 views