গহপুৰ কবি কাননৰ কবিতা পাঠ অনুষ্ঠান

গহপুৰ কবি কাননৰ কবিতা পাঠ অনুষ্ঠান

সাহিত্যৰ আটাইতকৈ শক্তিশালী দিশটোৱেই হৈছে কবিতা । সেই উদ্দেশ্যে গহপুৰ কবি কাননে গহপুৰ অঞ্চলৰ বিভিন্ন বিদ্যালয়ত পৰ্যায়ক্ৰমে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্ব-ৰচিত কবিতা পাঠৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছে ।

"পদ্য পঢ়োঁ আহা" শীৰ্ষক অনুষ্ঠানটি আজি দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হয় গহপুৰ শংকৰদেৱ শিশু নিকেতনত । প্ৰথম এই অনুষ্ঠানটি আৰম্ভ হৈছিল গহপুৰ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ।

আজি শংকৰদেৱ শিশু নিকেতনৰ ২১গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই কবিতা পাঠ অনুষ্ঠানত নিজৰ নিজৰ কবিতাসমূহ পাঠ কৰে । উক্ত অনুষ্ঠানত বন্তি প্ৰজ্জ্বালন কৰে নিকেতনৰ প্ৰধান আচাৰ্য জ্যোতিষ বৰাই লগতে নিকু্ঞ্জ কোঁৱৰ মহন্তৰ সভাপতিত্ত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ জিলাৰ লগতে গহপুৰৰ বিশিষ্ট কবিকুল ।

এনে অনুষ্ঠানসমূহে ভৱিষ্যতৰ ছাত্ৰ-ছাত্ৰীসকলক ইতিবাচক প্ৰভাৱ পেলাব বুলি সকলো আশাবাদী আৰু লগতে গহপুৰ কবি কাননৰ বিষয়ববীয়াসকলে জনায় যে পৰৱৰ্তী সময়ত এই অনুষ্ঠানৰ দ্বাৰা সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক সাঙুৰি লোৱা হ'ব ‌।

Your Comments