কৰ পৰিশোধ নকৰা বাহনৰ বিৰুদ্ধে গুৱাহাটীত পৰিবহণ বিভাগৰ অভিযান

Pic

বিত্তীয় বৰ্ষৰ অন্তিম ক্ষণত কৰ পৰিশোধ কৰিবলৈ বাকী থকা যান-বাহনৰ বিৰুদ্ধে অভিযান।মহানগৰীৰ এবিচিত কামৰূপ(ম) জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত বুধবাৰে পুৱাই  অভিযান চলে।কৰ পৰিশোধ নকৰা ব্যৱসায়িক,ব্যক্তিগত যান-বাহনসমূহৰ বিৰুদ্ধে চলা অভিযানত বাদ নপৰিল ১০৮ এম্বুলেন্স সেৱাও।অভিযানত শতাধিক বাহন জব্দ কৰা বুলিও পৰিবহণ বিভাগৰ বিষয়া গৌতম দাসে জানিবলৈ দিয়ে।

উল্লেখ যে বিত্তীয় বৰ্ষৰ অন্তিম সময়সীমা ৩১মাৰ্চ।তাৰ পূৰ্বে কৰ আদায় দিয়াৰ আহ্বান জনায় দাসে।ইফালে,যিসমূহ বাহনে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কৰ আদায় নিদিব,সেই বাহনসমূহে অতিৰিক্ত জৰিমনা পৰিশোধ কৰাৰ লগতে যান-বাহন আইনৰ শাস্তি ভুগিব লাগিব।

Pic

গুৰুত্বপূৰ্ণ যে পৰিবহণ বিভাগৰ এই অভিযানত যান-বাহন আৰক্ষী আৰু এমভিআইৰ দলেও সহযোগ কৰে।

তাৎপৰ্যপূৰ্ণ যে কৰ পৰিশোধৰ উপৰিও যান-বাহনসমূহৰ প্ৰয়োজনীয় নথিপত্ৰসমূহো পৰীক্ষা কৰে অভিযান কালত।

গুৱাহাটীৰ খানাপাৰা,জালুকবাৰী আদি বিভিন্ন স্থানত প্ৰতিদিনে যান-বাহন আৰক্ষীৰ সহযোগত পৰিবহণ বিভাগে অভিযান চলাই যাব বুলিও জানিবলৈ দিয়ে গৌতম দাসে।

অভিযানৰ সময়ত পৰিবহণ বিষয়া গৰাকীয়ে হাতত পোষ্টাৰ লৈ সজাগ কৰা লগতে জনতাৰ সুবিধাঅৰ্থে বাহন সমূহত কৰ পৰিশোধ কৰা পোষ্টাৰিং কৰাৰো দেখা যায়।

অভিযানৰ সময়ত পৰিবহন বিভাগৰ অন্যান্য শীৰ্ষ বিষয়া সকলো উপস্থিত থাকে।

Your Comments