টিকট লৈ মতানৈক্য হ’লেও কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে ত্যাগ নকৰে দল

Susmita Dev

দুদিন পূৰ্বে বৰাকত কংগ্ৰেছ আৰু এ আই ইউ ডিএফৰ টিকটক লৈ মতানৈক্য হৈছিল ৷ কিন্তু তাৰপিছতো কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে জনালে তেওঁ ত্যাগ নকৰে কংগ্ৰেছ। লগতে তেওঁ কয় যে এনে মতানৈক্য যিকোনো গণতান্ত্ৰিক দলৰ সাধাৰণ কথা । 

জানিব পৰা অনুসৰি, তামিলনাডু, কেৰালা আৰু পুডুচেৰীত হ'বলগা নিৰ্বাচনত মহিলা কংগ্ৰেছৰ নেত্ৰীসকলৰ টিকট সম্পৰ্কীয় আলোচনাৰ বাবে আজি দিল্লীলৈ ৰাওনা হৈছে সুস্মিতা দেৱ। দিল্লীলৈ উৰা মৰাৰ পূৰ্বে অসমত দৃঢ়তাৰে কংগ্ৰেছৰে চৰকাৰ হ'ব বুলি মন্তব্য কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

Your Comments