নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ মহাজোঁটবন্ধন কৰিছে বহু কেইটা দল মিলি । ৰঙিয়াত কংগ্ৰেছৰ নেতা বিবুলৰ ৰহমানে বিজেপিৰ লগতে ৰঙিয়াৰ বৰ্তমানৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাক তীব্ৰ কটাক্ষ কৰি যোৱা পাঁচ বছৰত দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া, জলসিঞ্চন বিভাগকে ধৰি বিভিন্ন আঁচনিত দুৰ্নীতিৰ পোহাৰ মেলা আদি আখ্যা দিয়ে ৷
ইয়াৰোপৰি, ৰহমানে অভিযোগ তুলিছে যে - মন্ত্ৰী ভৱেশ কলিতাই হিন্দু- মুছলমানৰ কথা কৈ ভোট বিচাৰে কিন্তু টকা লয় মুছলমানৰ পৰা। তদুপৰি জলসিঞ্চন বিভাগৰ কোটি কোটি টকাৰ ঠিকা দিছে গুৱাহাটীৰ চাজিদ আহমেদ নামৰ ব্যক্তিজনক। হায়াত হস্পিতালৰ স্বত্বাধিকাৰী ৰাজীৱ আহমেদ শইকীয়াক শ শ কোটি টকাৰ ঠিকা দিয়া আৰু সাধাৰণ ভোটাৰৰ আগত হিন্দু মুছলমানৰ ৰাজনীতি কৰা ভৱেশ কলিতা এজন ভণ্ড লোক বুলিও মন্তব্য কৰে ৰঙিয়াৰ জেষ্ঠ নেতাজনে ৷
- Log in to post comments
- 34 views