বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলিস্থিত ঐতিহ্যমণ্ডিত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এক কেৰিয়াৰ কাউন্সেলিঙৰ সজাগতা সভা অনুষ্ঠিত হয় ।
গুৱাহাটীস্থিত জে চি মেক্সৱেল ছায়েন্স ইনষ্টিটিউটৰ উদ্যোগত আৰু চি আৰ চি চি অভিজিত মণ্ডল, গঞ্জন নন্দন দাস আৰু দীপাংকৰ ভট্টাচাৰ্যৰ সহযোগত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত আজিৰ এই সভা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন বড়োৱে ।
খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু ছেইণ্ট জুডছ ইংলিছ স্কুলৰ নৱম আৰু দশম শ্ৰেণীৰ তিনি শতাধিক ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কেৰিয়াৰ কাউন্সেলিঙৰ এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰ মানস প্ৰতিম কাকতি, খড়গপুৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰ ৰাহুল কুমাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পি এইচ ডিৰ ছাত্র সমুজ্জ্বল চহৰীয়া, কটন মাহবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ পাৰ্থপ্ৰতিম শৰ্মা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিপ্লৱ ৰয় বৰ্মন ।
সমল ব্যক্তিসকলে ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনময় কৰি ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে বুজ লোৱাৰ লগতে তেওঁলোকে দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত আজিৰ এই প্ৰতিযোগিতাৰ যুগত নিজেকে এজন দক্ষ ব্যক্তি হিচাপে আৰু নিজৰ ইচ্ছা অনুসৰি কিদৰে নিজৰ পচন্দৰ কৰ্মসংস্থান বাছি ল'ব, ভৱিষ্যতে নিজৰ কেৰিয়াৰ বাছি লৈ কিদৰে নিজকে একো একোজন দেশৰ সুনাগাৰিক হিচাপে গঢ়ি তুলিব সেই বিষয়ে সুন্দৰকৈ বুজাই দিয়ে ।
ছাত্ৰ-ছাত্ৰীসকলক উন্নতমানৰ ডিজিটেল প্ৰযুক্তিৰে কেৰিয়াৰ সম্পৰ্কীয় তথ্য দাঙি ধৰি অধিক মনোগ্ৰাহী কৰি তোলা দেখা যায় । এনেধৰণৰ কেৰিয়াৰ কাউন্সেলিং সম্পৰ্কীয় সজাগতা সভাই ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যৎ উজ্জ্বল কৰিব বুলি বিদ্যালয় দুখনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকল আশাবাদী বুলি শিক্ষকসকলে মত প্ৰকাশ কৰে ।
- Log in to post comments
- 7 views