অসম জাতীয় পৰিষদলৈ পূৰ্ণ সমৰ্থন 'অল ইণ্ডিয়া গোর্খা লীগ'ৰ

Pic

আঞ্চলিকতাবাদৰ ভেটি শক্তিশালী কৰাৰ স্বাৰ্থত অসম জাতীয় পৰিষদলৈ পূৰ্ণ সমৰ্থন 'অল ইণ্ডিয়া গোর্খা লীগ'ৰ।সৰ্বভাৰতীয় ৰাজনৈতিক দলটোৱে এজেপিৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবে অসমবাসীৰ লগতে গোর্খা সম্প্ৰদায়ক আহ্বান জনায়।

বৃহত্তৰ অসমীয়া জাতি গঠনত গোর্খাসকলৰ অৱদান থকা বুলি উল্লেখ কৰে দলটোৰ কেন্দ্ৰীয় মুখপাত্ৰ জীৱন গোড়া গায়নে কয়-"অসমত ৬৫টা সমষ্টিত গোর্খা সম্প্ৰদায়ৰ ভোটাৰ আছে।গোর্খা সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত হোৱা জনপ্ৰতিনিধিসকলে জাতিটো বাবে কোনো কাম নকৰিলে।"

ৰাষ্ট্ৰীয়তাবাদী শক্তিক পৰাস্ত কৰাৰ বাবে গোর্খাসকলে এজেপিক সমৰ্থন কৰিব লাগে বুলিও তেওঁ লগতে কয়।

গায়নে কয় যে অসম চুক্তিৰ ৬নং দফাত গোর্খা সম্প্ৰদায়ৰ বিষয়ে কোনো কথা উল্লেখ নথকাৰ লগতে এনআৰচিৰ আৰু ডিভোটাৰৰ সমস্যাৰ সমাধান কিদৰে কৰিব পৰা যায়,সেই সন্দৰ্ভত এজেপিৰ সৈতে আলোচনা কৰা হৈছে।সম্প্ৰদায়টোৱে দীর্ঘদিন ধৰি ভুগি থকা সমস্যা সমূহ সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

ইফালে,এজেপিৰ সৈতে মিত্ৰতা হৈছে যদিও আমি আসন বিচৰা নাই।১৫টা সমষ্টিত খেলাৰ বাবে সাজু হৈ আছিলোঁ।এজেপিৰ প্ৰতীক লৈ নির্বাচনত আমি নামিম।গোর্খা সম্প্ৰদায়ৰ প্ৰাৰ্থী গোর্খা লীগৰ বুলি ধৰি লম'- মুখপাত্ৰগৰাকীয়ে লগতে কয় 

ৰাষ্ট্ৰীয়তাবাদী শক্তিক পৰাস্ত কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত।অন্য  ৰাজনৈতিক দলে গোর্খা প্ৰাৰ্থীক প্ৰাৰ্থীত্ব দিলেও সমৰ্থন নকৰো।মাঘেৰিটা সমষ্টি বিধায়ক ভাস্কৰ শৰ্মা বিৰুদ্ধে প্ৰচাৰ চলাব।তেওঁ গোর্খাৰ বাবে কি কৰিলে!

Your Comments