ঢকুৱাখনাৰ পৰিৱৰ্তে এইবাৰ নাওবৈছা সমষ্টিত যুঁজিব ভৰত নৰহে

Bharat Noroh

নাওবৈছা সমষ্টিত কংগ্ৰেছৰ টিকট নিশ্চিত হৈছে প্ৰাক্তন মন্ত্ৰী ভৰত চন্দ্ৰ নৰহৰ। আগন্তুক বিধান সভা নিৰ্বাচনত নাওবৈছা সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ সাজু হৈছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভৰত চন্দ্ৰ নৰহ।

প্ৰাক্তন মন্ত্ৰীগৰাকীৰ টিকট নিশ্চিত হৈছে বুলি কংগ্ৰেছ এক সুত্ৰই জনাইছে নিউজ১৮ক। পূৰ্বে ১৯৮৫ চনৰ পৰা ২০০৬ চনলৈ পাঁচটা কাৰ্যকাল ঢকুৱাখানা সমষ্টিৰ পৰা জয়লাভ কৰা ভৰত নৰহে বিগত দুটা কাৰ্য্যকাল ক্ৰমে ২০১১ আৰু ২০১৬ চনৰ নিৰ্বাচনত মন্ত্ৰী নৱ কুমাৰ দলেৰ হাতত পৰাজিত হৈছিল।

সেয়েহে সকলো মিলাই এইবাৰ ঢকুৱাখনা ত্যাগ কৰি নাওবৈছা সমষ্টিত নিৰ্বাচন খেলাৰ মন মেলিছে ভৰত নৰহে। ভৰত নৰহৰ বাবে নাওবৈছা সমষ্টি এতিয়া এৰিব লাগিব AIUDF দলে।

আনহাতে ভৰত নৰহে নাওবৈছা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব বুলি খবৰ ওলোৱাৰ সমান্তৰালকৈ ঢকুৱাখনাত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব সেই লৈ আৰম্ভ হৈছে জল্পনা কল্পনা। ইফালে শুকুৰবাৰে কংগ্ৰেছত যোগ দিয়ে টিএমপিকেৰ প্ৰাক্তন নেতা পদ্মলোচন দলেই। আৰু মন্ত্ৰী নব দলেক প্ৰত্যাহ্বান জনাব পৰাকৈ ১১২ নং ঢকুৱাখনা সমষ্টিত পদ্মলোচন দলেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ টিকট লাভ কৰিব বুলি জানিব পৰা গৈছে।

Your Comments