বিজেপিক পৰাস্তৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগৰ বাবে সাজু ৰাইজৰ দল।প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নির্বাচনৰ ৮৬টা সমষ্টিৰ মাত্ৰ ১৮টা সমষ্টিতহে প্ৰক্ষেপ কৰিব প্ৰাৰ্থী ৰাইজৰ দলে। ৰাইজৰ দল মুখ্য কাৰ্যালয়ত আহ্বান কৰা সংবাদমেলত এই কথা ঘোষণা কৰে দলৰ কাৰ্যকৰী সভাপতি ভাস্ক-ডি শইকীয়াই।
দলৰ সাংগঠনিক ভেঁটি শক্তিশালী থকা স্বত্বেও প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিৰ ১০তাত প্ৰাৰ্থী প্ৰদান কৰিব ৰাইজৰ দলে।দ্বিতীয় পৰ্যায়ত ৮টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব দলটোৱে।
সংবাদমেলত শইকীয়াই উল্লেখ কৰা অনুসৰি প্ৰতিদ্বন্দ্বিতা কৰা ১৮টা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত।বাকী সমষ্টি সমূহত বিজেপি সমৰ্থিতত প্ৰাৰ্থীক পৰাস্ত কৰিবলৈ সকলো প্ৰকাৰৰ সহায় কৰিব দলটোৱে- শইকীয়াই লগতে কয়।
গুৰুত্বপূৰ্ণ কথা আজি বিয়লি কোন কোন সমষ্টিত দলটোৱে প্ৰাৰ্থী থিয় কৰাব তাৰ তালিকা আনুষ্ঠানিক ভাৱে ঘোষণা কৰিব।সংবাদমেলত এই কথাও ঘোষণা কৰে দলটোৰ নেতৃত্বই।
এজেপিৰ সৈতে মিত্ৰতাত ব্যৱধান আহিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নত ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে কয়- “আমি মিত্ৰতা ধৰ্ম পালন কৰি আছো।ব্যৱধান অহা নাই।সকলো সিদ্ধান্ত আলোচনা মৰ্মে গ্ৰহণ কৰা হৈছে।ঐক্যবদ্ধ হৈয়ে আমি যুজঁ আগবঢ়াম”।
- Log in to post comments
- 29 views