অখিল গগৈৰ কেবিনত কি আলোচনা কৰিলে লুৰীণজ্যোতি গগৈয়ে,কেতিয়া প্ৰকাশ পাব প্ৰাৰ্থী তালিকা!পঢ়ক

Pic

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আসন ভাগ-বতোৱাৰাক লৈ সঘনে ৰুদ্ধদ্বাৰ বৈঠক আৰম্ভ হৈছে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ শীৰ্ষ নেতৃত্বৰ।বৃহস্পতিবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এজেপি সভাপতি লুৰীণজ্যোতি গগৈ,সাধাৰণ সম্পাদক জগদীশ ভূঞাই দ্বিতীয়বাৰৰ বাবে কাৰাবন্দী ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে বৈঠকত মিলিত হয়।ডেৰ ঘণ্টা ধৰি চলা বৈঠকত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক'-ডি শইকীয়া উপস্থিত থাকে।অখিল গগৈৰ কেবিনত হোৱা বৈঠকখনৰ মূল উদ্দেশ্য আছিল প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিৰ আসন ভাগ-বতোৱাৰা।

বৈঠকৰ অন্তত এজেপি সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়-"অহা দুই-এদিনতে ৰাজহুৱা হ'ব প্ৰাৰ্থী তালিকা।আলোচনা সঠিক দিশত আগবাঢ়িছে।দুয়োটা দলে যৌথ সংবাদমেল যোগে ঘোষণা কৰিব চুড়ান্ত প্ৰাৰ্থী তালিকা।"


ইফালে,ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে বিৰোধী ঐক্যবদ্ধ হ'ব লাগে বুলি জনোৱা মুকলি আহ্বানৰ প্ৰসংগত এজেপি স্থিতি স্পষ্ট কৰি সভাপতি গৰাকীয়ে কয়,"ৰাষ্ট্ৰীয়তাবাদী-সাম্প্ৰদায়িক কোনো শক্তিৰে বুজাবুজি নহয়।দল আদৰ্শৰ পৰা কেতিয়াও বিচ্যুুুত নহয়।"

আনহাতে,অগপ নেতৃত্বই দিল্লীৰ ওচৰত প্ৰাৰ্থীত্ব বিচাৰি ভিক্ষা কৰা প্ৰসংগত গগৈয়ে কয়- "স্বাভিমানী আৰু নিৰ্ভেজাল জাতীয়তাবাদী সত্তাই দিল্লীৰ ওচৰত কেতিয়াও মোৰ নোদোৱায়।"

আনহাতে,ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক'-ডি শইকীয়াই কয়-"কংগ্ৰেছৰ অহংকাৰৰ বাবে অসমত অসমবাসীয়ে বিচাৰি থকা কা' বিৰোধী চৰকাৰখন নহ'বও পাৰে।যিদৰে বিহাৰত বিজেপি বিৰোধী শক্তি কংগ্ৰেছৰ ভুল নীতি বাবে পৰাস্ত হৈছিল।"

শুকুৰবাৰৰ ভিতৰত চুড়ান্ত হ'ব ৰাইজৰ দলৰ প্ৰাৰ্থী তালিকা।বৃহস্পতিবাৰৰ সন্ধিয়া দলৰ মুখ্য কাৰ্যালয়ত প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ বাবে দলটোৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে।

তাৎপৰ্যপূৰ্ণ যে ৰাইজৰ দল আৰু এজেপি আসন ভাগ-বতোৱাৰাক লৈ বৰ্তমানলৈকে সঠিক সিদ্ধান্তত উপনীত হ'ব পৰা নাই।

বিশেষ সূত্ৰৰ খবৰ মতে ১২৬টা সমষ্টিত ২৫খন আসন এজেপিয়ে ৰাইজৰ দলক এৰি দিব বিচাৰিছে।লগতে ৰাইজৰ দলৰ সাংগঠনিক ভেটি শক্তিশালী হৈ থকা বহুকেইটা সমষ্টি এজেপিয়ে বৰ্তমানলৈ ৰাইজৰ দলক এৰি দিবলৈ বিচৰা নাই বুলিও সূত্ৰটোৱে জানিব দিয়ে।

Your Comments