গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ সমৰ্থকৰ প্ৰতিবাদ।দিছপুৰ সমষ্টিত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা অকণ বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰা দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ।
প্ৰায় অৰ্ধশতাধিক বৰা সমৰ্থকে ৰাজীৱ ভৱনত প্ৰতিবাদ কৰাৰ অন্তত সাক্ষাৎ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা,সাংসদ গৌৰৱ গগৈ প্ৰমুখ্যে কংগ্ৰেছৰ শীর্ষ নেতৃত্বক।
"মহামিত্ৰজোঁটৰ লগত কোনো কম্প্ৰ'মাইজ নহ'ব দিছপুৰ সমষ্টিত।অকণ বৰাক দিব লাগিব প্ৰাৰ্থিত্ব'-দাবী প্ৰতিবাদী সমৰ্থকসকলৰ।
উল্লেখ যে কংগ্ৰেছৰ লগত মহামিত্ৰজোঁটৰ অংশীদাৰী দল আঞ্চলিক গণ মৰ্চ্চাই দিছপুৰ সমষ্টি দাবী কৰিছে।তেনে স্থলত খবৰ ওলাইছে কংগ্ৰেছ দলে দিছপুৰ সমষ্টি সাংসদ অজিত ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মৰ্চ্চাক এৰি দিব।সেই আশংকা কৰিয়েই ৰাজীৱ ভৱনত দিছপুৰ সমষ্টিৰ কংগ্ৰেছ কর্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ।
তাৎপৰ্যপুৰ্ণ আজি বিয়লি ভাগলৈ কংগ্ৰেছ দলে চুড়ান্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে প্ৰথম পৰ্যায়ৰ নির্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা।
- Log in to post comments
- 12 views