লুৰীণজ্যোতি গগৈৰ আক্ৰমণত জড়িত বিজেপি কৰ্মীক গ্ৰেপ্তাৰৰ দাবীত গুৱাহাটীত বিশাল মানৱ শৃংখল এজেপিৰ

Pic

মঙলবাৰে গুৱাহাটীত অসম জাতীয় পৰিষদৰ মানৱ শৃংখল।কামৰূপ(ম) জিলা সমিতিৰ উদ্যোগত দীঘলীপুখুৰীৰ পাৰত প্ৰায় দুই শতাধিক এজেপি কৰ্মকর্তাই অংশগ্ৰহণ কৰে মানৱ শৃংখলত।

দেওবাৰে এজেপি সভাপতি লুৰীণজ্যোতি গগৈৰ ওপৰত নলবাৰীত বিজেপি গুণ্ডা বাহিনীয়ে কৰা আক্ৰমণৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি সাব্যস্ত কৰে প্ৰতিবাদ।

আক্ৰমণৰ তিনিদিন উকলি যোৱাৰ পিছতো অসম আৰক্ষী তথা গৃহ বিভাগে দোষীক গ্ৰেপ্তাৰ নকৰাৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।

Pic

প্ৰতিবাদত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ উপ-সভাপতি অদীপ কুমাৰ ফুকনে কয়-"চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে।এজেপিৰ উত্থানত শংকিত বিজেপি।উত্তৰ ভাৰতৰ সংস্কৃতিৰ আমদানি কৰি গণতান্ত্ৰিক ব্যৱস্থাক ধ্বংস কৰিছে।"

অভিযোগ দিয়াৰ পিছতো অসম আৰক্ষীয়ে দোষীক গ্ৰেপ্তাৰ কৰিবলৈ নোৱাৰাতো লজ্জাজনক কথা।সমগ্ৰ ঘটনাৰ সৈতে বিজেপিৰ সভাপতি ৰঞ্জিত দাস,নাৰায়ণ ডেকা জড়িত বুলিও গুৰুতৰ অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে।

এজেপিৰ কামৰূপ(ম) জিলাৰ সভাপতি সঞ্জীৱ বৰাই কয়-"নির্বাচনৰ দিন ঘোষণাৰ ২৪ ঘণ্টা হ'বলৈ নাপাওঁতেই  সংঘটিত জঘন্য ঘটনাৰ দায়িত্ব গৃহ দপ্তৰৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে ল'বলৈ লাগিব।বিজেপিৰ উদণ্ড যুৱকসকলক মুখ্যমন্ত্ৰীয়ে নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰক।"

প্ৰতিবাদত অংশগ্ৰহণ কৰে এজেপিৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তি আৰু অন্যান্য ভাতৃ সংগঠনসমূহে।

Your Comments