চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২১৭ টকালৈ বৃদ্ধিত কেবিনেটৰ অনুমোদন

Pic

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠকখন। বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অনুষ্ঠিত কেবিনেট বৈঠকখনত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।তেনে সিদ্ধান্তসমূহ হৈছে---

বড়োলেণ্ডত স্থাপন হ'ব প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়।বড়োলেণ্ড কল্যাণ বিভাগ নামেৰে নতুন বিভাগ স্থাপনত কেবিনেটৰ অনুমোদন।

২০০১বৰ্ষৰ চাকৰিত যোগদানৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৫৮০গৰাকী উচ্চতৰ মাধ্যমিকৰ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ।

দীপক সংঘলৈ গুৱাহাটীৰ উলুবাৰী মৌজাত ১ কঠা ভূমি আৱন্টন।

৫৭খন বিদ্যালয়ৰ ১০১ গৰাকী বৃত্তিমুখী শিক্ষাৰ শিক্ষকলৈ টাইমস্কেল প্ৰদানৰ সেৱা বিধিত অনুমোদন।

উত্তৰ গুৱাহাটী,উজান বজাৰ আৰু ভৰলুমুখত মাষ্টাৰ প্লেন-২০২৫ সংশোধন।

আগন্তক নিৰ্বাচন বা নিৰ্বাচনৰ পিছত ব্যৱহাৰৰ বাবে ৮ হাজাৰখন হুইল চেয়াৰ ক্ৰয়ত অনুমোদন।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ১০ বছৰৰ অধিক সময় ঠিকাভিত্তিক সেৱা আগবঢ়োৱা কৰ্মচাৰীৰ চাকৰিৰ বয়স ৬০ বছৰলৈ বৃদ্ধি।

চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২১৭ টকালৈ বৃদ্ধিত কেবিনেটৰ অনুমোদন।

উল্লেখ যে কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ কথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘোষণা কৰে।

Your Comments