'নাগৰিকত্ব সংশোধনী আইন-২০১৯' গৃহীতকাৰী বিজেপি চৰকাৰৰ অংশীদাৰ হোৱা বাবে অসম গণ পৰিষদৰ নাম শুনিব নিবিচৰা 'আছু' নেতাৰ 'অগপ'ত যোগদান।
আছু সদস্য থাকোঁতে কা' সমৰ্থনকাৰী বিজেপি লগত থকাৰ বাবে অগপ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ প্ৰতিমূৰ্তি ফাঁচীকাঠত লগাই প্ৰতিবাদ সাব্যস্ত কৰা প্ৰাক্তন আছু নেতাগ সীমান্ত ঠাকুৰীয়াই শনিবাৰে আনুষ্ঠানিক শৰণাপন্ন হ'ল অগপৰ। সংগঠন বিৰোধী কাৰ্যত লিপ্ত থকাৰ অভিযোগত আছুৰ পৰা বহিষ্কৃত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ঠাকুৰীয়াই আছুত থকাৰ সময়ত কা'ৰ বিৰুদ্ধে আন্দোলন কৰি অগপ মুর্দাবাদ, অতুল বৰা হায় হায় ধ্বনি দিয়াৰ উপৰিও আমবাৰীত মুখ্য কাৰ্যালয়ৰ সন্মুখত দলটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি তীক্ষ্ণ সমালোচনা কৰা দেখা গৈছিল।
আমবাৰী মুখ্য কাৰ্যালয়ত দলটোৰ সভাপতি অতুল বৰা,কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতিত আছুৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক মনোৱাৰ হুছেইন, প্ৰজ্ঞান কলিতা,প্ৰাক্তন সাহিত্য সম্পাদক, জিতুমণি বৰা, শোণিত ভাস্কৰ ভৰদ্বাজ, মুকুল ৰঞ্জন চহৰীয়া, তপোবন বৰা, কমল লোচন ৰয়, চিন্টু কলিতা, কল্লোল কিশোৰ বৰুৱা, হিমাংশু পাঠক, ৰতন দত্তসহ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে দলটোত যোগদান কৰে।
অগপত যোগদান কৰি মনোৱাৰ হুছেইনে এজেপি গঠনত আছুৰ কাৰ্যনিৰ্বাহকত কোনো সিদ্ধান্ত হোৱা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।ৰাজনৈতিক দল গঠনত সভাপতি দীপাংক নাথ, প্ৰাক্তন সম্পাদক লুৰীণজ্যোতি গগৈৰ একনায়কত্ববাদ বুলি তেওঁ লগতে কয়।ইয়াৰ উপৰিও দলটো ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্য আৰু বসন্ত ডেকাৰ বাবে গঠন কৰিব লগা হোৱা বুলিও অভিযোগ উত্থাপন কৰে।
- Log in to post comments
- 39 views