কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:
অসমৰ পৰা বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰক উৎখাত কৰাৰ লক্ষ্যৰে কংগ্ৰেছ দলৰ সাংসদদ্বয় গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ নেতৃত্বত কলিয়াবৰত নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ।
ঐতিহাসিক শ্ৰীশ্ৰীনৃসিংহ দেৱালয়ৰ সমীপৰ জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত উপস্থিত ৰাইজক সম্বোধি কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে বিজেপি-অগপ মিত্ৰজোঁট চৰকাৰৰ পৰা অসম বচোৱাৰ আহ্বান জনায়। নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনেও উপস্থিত ৰাইজক সম্বোধন কৰি বৰ্তমানৰ জাতিদ্ৰোহী চৰকাৰখনক উৎখাত কৰি কংগ্ৰেছ মিত্ৰজোঁটক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়।ভাষণ প্ৰসংগত তিনিওগৰাকী মন্ত্ৰীয়ে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তক তীব্ৰ ভাষাৰে সমালোচনা কৰে।
তেওঁলোকে ভাষণ প্ৰসংগত কয় যে কলিয়াবৰৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰাৰ বিপৰীতে নিজৰ স্বাৰ্থ সিদ্ধিত মনোনিৱেশ কৰা মন্ত্ৰীগৰাকীৰ শাসনত কলিয়াবৰৰ যুৱকসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। বানপানীৰ ক্ষতিগ্ৰস্তসকলে আজি পৰ্য্যন্ত এটকাও লাভ নকৰা জলসম্পদ মন্ত্ৰীৰ সমষ্টিত বানক লৈও বৰ্তমান চৰকাৰখন চিণ্ডিকেটত নামিছে বুলি ক্ষুৰধাৰ সমালোচনা কৰে সাংসদ গৌৰৱ গগৈয়ে।
জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা জখলাবন্ধা আৰক্ষী নিৱেশলৈকে ৩৭ নং ৰাষ্ট্ৰীয় পথত সাংসদ গৌৰৱ গগৈ, সাংসদ প্ৰদ্যুৎ বৰদলৈ,প্ৰাক্তন মন্ত্ৰী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে ভাগ লোৱা পদযাত্ৰাত অংশ লয় সহস্ৰাধিক কংগ্ৰেছী সমৰ্থকে।ইফালে,কলিয়াবৰ তিনিআলিৰ পৰা এক বাইক ৰেলী বাহিৰ কৰি কংগ্ৰেছে নিৰ্বাচনী ৰণশিঙা বজায় কলিয়াবৰত।
- Log in to post comments
- 27 views