অখিল গগৈৰ জামিন নাকচ:কি ক'লে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই,পঢ়ক...

Dr.Samujjal

কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী জনালে 'আছু'ৰ প্ৰাক্তন মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।টুইটাৰৰ জৰিয়তে গগৈৰ মুক্তি দাবী জনালে  ড: ভট্টাচাৰ্য্যই।

'অখিল গগৈৰ জামিন আবেদন পুনৰবাৰ নাকচ হ'ল।ই ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ দমনমূলক নীতিৰ প্ৰতিফলন'-টুইটটোত উল্লেখ কৰিছে আছুুুৰ প্ৰাক্তন উপদেষ্টাগৰাকীয়ে।

লগতে তেওঁ কয়-"দীর্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ থকা অখিল গগৈক শীঘ্ৰে মুক্তি দিব লাগে।"

উল্লেখ যে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে নাকচ কৰিছিল কৃষক নেতাগৰাকীৰ জামিন।

Your Comments