"অখিল গগৈক কাৰাগাৰত থৈ নির্বাচনী বৈতৰণী পাৰ কৰাৰ ষড়যন্ত্ৰ বিজেপিৰ"-ৰাইজৰ দল

Pic

'ৰাইজৰ দল'ৰ সভাপতি কাৰবন্দী কৃষক নেতা অখিল গগৈৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ।বিগত এটা বছৰৰো অধিক সময় কাৰবন্দী হৈ থকা গগৈৰ জামিন আবেদন বৃহস্পতিবাৰে নাকচ হোৱাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলে।

ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক'-ডি শইকীয়া, কবীন্দ্ৰ চেতিয়া, জিতুল ডেকাই সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তিত কয়- "ন্যায়ালয়ৰ ৰায় যদিও আশাব্যঞ্জক নহয় তথাপিও আমি ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছোঁ।'নিয়া'ৰ আদালতত গগৈৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়োৱাৰ বাবে ৰাইজৰ দলে ব্যৱস্থা গ্ৰহণ কৰিব।"

অখিল গগৈক বিধানসভা নিৰ্বাচনলৈকে বন্দী কৰি ৰাখি বিজেপিয়ে নির্বাচনী বৈতৰণী পাৰ কৰিবলৈ কুটিল অভিসন্ধি ৰচনা কৰিছে।বিজেপিৰ অভিসন্ধি সফল হ'বলৈ দিয়া নহ'ব বুলিও দলটোৰ নেতৃত্বই লগতে কয়।

উল্লেখ যে যোৱা ৭ জানুৱাৰীত কৃষক নেতাগৰাকীৰ জামিন আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল।বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে পুনৰ নাকচ কৰে জামিন।অৱশ্যে গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'লে পুনৰ জামিন আবেদন জনাব পাৰিব বুলি ন্যায়ালয়ে উল্লেখ কৰে ৰায়টোত।

Your Comments