নলবাৰী সমষ্টিত কংগ্ৰেছৰ পৰা প্রাৰ্থিত্ব বিচাৰি তিনিগৰাকীৰ আবেদন:বৰক্ষেত্ৰীতো আবেদন তিনিগৰাকীৰ

Congresss

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ সদৰ বিধানসভা সমষ্টিৰ নলবাৰী আৰু বৰক্ষেত্ৰী সমষ্টিৰ পৰা আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ পৰা প্রাৰ্থিত্ব পোৱাৰ উদ্দেশ্যেৰে তিনিগৰাকীকৈ প্ৰাৰ্থীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীক আবেদন জনোৱা বুলি জানিব পৰা গৈছে ।

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৫৯ নং নলবাৰী সদৰ বিধানসভা সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থীত্ব বিচাৰি প্ৰদেশ কংগ্ৰেছ কমিটিক ইতিমধ্যে আবেদন জনাইছে প্ৰদ‍্যুত কুমাৰ ভূঞা,পাপৰি মালাকৰ আৰু কল্পনা বৰ্মন। নলবাৰীস্থিত ৰাজীৱ ভৱনত দলীয় প্ৰাৰ্থীত্ব বিচাৰি আবেদন কৰে তিনিওজনে।

উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক তথা নলবাৰী সমষ্টিৰ যুৱনেতা প্ৰদ‍্যুত কুমাৰ ভূঞাই দীৰ্ঘদিনে নলবাৰী সমষ্টিত সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰু দায়িত্ব বহন কৰি আহিছে। নলবাৰীৰ পৰা প্ৰাৰ্থীত্ব প্ৰত্যাশী প্ৰদ‍্যুত কুমাৰ ভূঞাই নলবাৰীৰ লগতে অসম প্ৰদেশ কংগ্ৰেছতো দলক সবল নেতৃত্ব দিয়া বুলি উল্লেখ কৰে একাংশ সমৰ্থকে। আনহাতে পাপৰি মালাকৰ নলবাৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী হোৱাৰ লগতে সুদক্ষ কংগ্ৰেছ নেত্ৰী।ইফালে,জ‍্যেষ্ঠ কংগ্ৰেছী নেত্ৰী কল্পনা বৰ্মনকো প্ৰাৰ্থীত্ব দিয়াৰ দাবী জনাইছে একাংশ সমৰ্থকে। এইদৰে, পৃথক-পৃথককৈ তিনিগৰাকী কংগ্ৰেছ নেতা-নেত্ৰীয়ে প্ৰাৰ্থীত্ব বিচাৰি আবেদন জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীক যদিও শেষত কোনে পায় প্রাৰ্থীত্ব সেয়া লক্ষণীয় হ'ব।ইফালে নলবাৰী সমষ্টিত প্ৰদ‍্যুত কুমাৰ ভূঞাই টিকট পোৱাটো অধিকাংশ নেতা-কৰ্মীয়ে বিচৰাই নহয় এইবাৰ বিজয়ী কৰাৰো পণ কৰিছে বুলি জানিব পৰা গৈছে।ইতিমধ্যে দলীয় কৰ্মীসকলে নিজ নিজ এলেকাত দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে সভা-সমিতি আৰম্ভণি কৰা পৰিলক্ষিত হৈছে।ইয়াৰ সমান্তৰালভাৱে প্ৰদ‍্যুত কুমাৰ ভূঞায়ো সমষ্টিৰ গাঁৱে-ভূঁঞে দলীয় সভা -সমিতি,ৰাজহুৱা সভা-সমিতিত অংশগ্ৰহণ কৰিছে।

বৰক্ষেত্ৰীত কংগ্ৰেছৰ পৰা প্রাৰ্থীত্ব বিচাৰী তিনিগৰাকীৰ আবেদন ----

Pic

নলবাৰী জিলাৰ অন্যতম বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ পৰা আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ পৰা প্রাৰ্থীত্ব পোৱাৰ উদ্দেশ্যেৰে তিনিগৰাকী প্ৰাৰ্থীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীক আবেদন জনোৱা বুলি জানিব পৰা গৈছ । আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৬০ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থীত্ব বিচাৰি প্ৰদেশ কংগ্ৰেছ কমিটীক ইতিমধ্যে আবেদন জনাইছে দিগন্ত বৰ্মন, খাইৰুল হক চৌধুৰী আৰু আনোৱাৰ আহমেদে। গুৱাহাটীস্থিত ৰাজীৱ ভৱনত দলীয় প্ৰাৰ্থীত্ব বিচাৰি আবেদন কৰে তিনিওজনে।

উল্লেখযোগ্য যে জ্যেষ্ঠ কংগ্ৰেছ নেতা দিগন্ত বৰ্মন দীৰ্ঘদিনে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত আছিল। বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ যোগাযোগ বিভাগৰ সদস্য পদো লাভ কৰিছে তেওঁ। বৰক্ষেত্ৰীৰ পৰা প্ৰাৰ্থীত্ব প্ৰত্যাশী দিগন্ত বৰ্মনে বৰক্ষেত্ৰীৰ লগতে নলবাৰী জিলাত কংগ্ৰেছ দলক সবল নেতৃত্ব দিয়া বুলি উল্লেখ কৰে একাংশ সমৰ্থকে। আনহাতে, খাইৰুল হক চৌধুৰী বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ উপ-সভাপতি হোৱাৰ লগতে সংখ্যালঘু বিভাগৰো এগৰাকী বিষয়ববীয়া। যোৱা পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচিত হোৱা মুকালমুৱা জিলা পৰিষদৰ সদস্য। একাংশ কংগ্ৰেছ কৰ্মীৰ দাবী তেওঁয়েই টিকট পাব লাগে। ইফালে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক আনোৱাৰ আহমেদকো বৰক্ষেত্ৰীত প্ৰাৰ্থীত্বৰ দাবী জনাই একাংশ সমৰ্থকে। আহমেদে বিশ বছৰৰো অধিক কাল প্ৰদেশ কংগ্রেছৰ এগৰাকী কর্মী বুলি জানিব পৰা গৈছে। এইদৰে, পৃথক- পৃথকৈ তিনি কংগ্ৰেছ নেতাই গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰাৰ্থীত্ব বিচাৰি আবেদন জনাইছে যদিও শেষত কোনে পায় প্রাৰ্থীত্ব,সেয়া লক্ষণীয় হ'ব।

Your Comments