বিশেষ প্ৰতিবেদক,হাজো:
সমাগত অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অন্যান্য ৰাজনৈতিক দলৰ লগতে কংগ্ৰেছ দলেও নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে।ইতিমধ্যে কামৰূপ জিলাৰ অন্তৰ্গত ৫৫ নং হাজো বিধানসভা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী নেতাসকলে ৰাইজৰ কাষ চপা পৰিলক্ষিত হৈছে।এই ক্ষেত্ৰত পিছ পৰি থকা নাই বিৰোধী কংগ্ৰেছ দলো।ইতিমধ্যে কংগ্ৰেছ দলৰ পৰা টিকট বিচৰা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদন গ্ৰহণ কৰিছে।সেই অনুসৰি মঙলবাৰে ৫৫ নং হাজো বিধানসভা সমষ্টিত ১০ গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যশীয়ে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি হাজো ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত আবেদন কৰে।এই প্ৰাৰ্থিত্ব প্ৰত্যশীসকলৰ ভিতৰত দিলীপ শৰ্মা,আনোৱাৰ হুছেইন, বাপুকন আলী,মৃদুল মালাকাৰ,খগেন কলিতা,প্ৰাক্তন বিধায়ক দ্বীপেন পাঠক,নুৰ মহম্মদ,অভিনেতা হিৰণ্য দাস,কংকণ দাস,মানস বৰাকে ধৰি ১০ গৰাকীয়ে দলীয় টিকট বিচাৰি আবেদন কৰে।হাজো ব্লক কংগ্ৰেছৰ সভাপতি ৰুবুল আলীয়ে এতিয়াও আৰু ১০ গৰাকীয়ে টিকট বিচৰাৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰি এয়াই হাজোত কংগ্ৰেছৰ ভেটি শক্তিশালী প্ৰমাণ কৰে বুলি দাবী কৰে।এই প্ৰাৰ্থীত্ব প্ৰত্যাশী নেতাসকলে দলীয় সভা-সমিতিৰ লগতে বিভিন্ন পন্থাৰে ভোটাৰৰ কাষ চপাৰ বাবে প্ৰচেষ্টা চলাই আছে।
- Log in to post comments
- 16 views