'৭১ৰ খাতিৰত ভাৰতীয় হোৱাসকল প্ৰকৃত অসমীয়া হ'বলৈ পৰা নাই-বিজেপি নেতা ৰূপম গোস্বামী

Pic

'ৰাইজৰ দল' ভুৱা আঞ্চলিক দল।তেনে দলৰ সৈতে অসম জাতীয় পৰিষদে মিত্রতা কৰাটো চিন্তাৰ কাৰণ'-এই বিস্ফোৰক মন্তব্য বিজেপি নেতা ৰূপম গোস্বামীৰ। 'ৰাইজৰ দল'ৰ জন্ম হৈছে কৃষক মুক্তি সংগ্রাম সমিতিৰ পৰা।কৃষক মুক্তি বাওঁপন্থী আদৰ্শত বিশ্বাসী।আঞ্চলিকতাবাদৰ ভুৱা পোছাক পিন্ধিছে তেওঁলোকে।অসমবাসীক দল দুটা গতি বিধি লক্ষ্য কৰাৰো আহ্বান জনায় গোস্বামীয়ে।

ৰাইজৰ দল-এজেপিৰ মিত্ৰতাত বিজেপি শংকিত নহয় বুলি উল্লেখ কৰি তেওঁ লগতে কয়-"নিৰ্বাচনত এখনো আসনত জিকিব নোৱাৰে ৰাইজৰ দল-এজেপিয়ে।"বিজেপিৰ ভোট কাৰ স্বাৰ্থত বিভাজন কৰিবলৈ বিচাৰিছে বুলি তেওঁ প্ৰশ্ন কৰে।

গণেশগুৰিৰ বিজেপিৰ নির্বাচনী কাৰ্যালয়ত সংবাদমাধ্যমৰ আগত গোস্বামীয়ে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে শ্রীমন্ত শংকৰদেৱক 'চাহাব' বুলি সম্বোধন কৰা প্ৰসংগত কয়-"পূৰ্ব বংগৰ পৰা অহা ইছলামে অসমত অসমীয়া সংস্কৃতিৰ ওপৰত আক্ৰমণ কৰিছে।সংস্কৃতিক বিকৃত ৰূপ দি বিভিন্ন সময়ত উপস্থাপন কৰিছে।'৭১ৰ খাতিৰত তেওঁলোক ভাৰতীয় হ'ল ঠিকেই কিন্তু প্ৰকৃত অসমীয়া বৰ্তমানো হ'ব পৰা নাই এইসকল।"

Your Comments