লকডাউনৰ সময়চোৱাত এটা স্বাস্থ্যসমীক্ষাত সমুখলৈ আহিছিল। ভাৰতৰ ৮১টখন চহৰত সমীক্ষা চলাই দেখা গৈছে ৭৬ শতাংশ ভাৰতীয় ভিটামিন ডি-ৰ অভাৱ জনিত ৰোগত ভোগে। কেৱল সেয়াই নহয়, সমীক্ষাৰ তথ্য অনুসৰি, ১৮ ৰপৰা ৩০ বছৰ বয়সৰ লোকসকলৰ মাজত এই সমস্যাটো অধিক দেখিবলৈ পোৱা যায় ।
জলন্ধৰৰ গার্ডিয়ান হস্পিতালৰ (Guardian Hospital, Jalandhar) চিকিৎসক ড° সঞ্জীৱ গোৱেলৰ (Dr. Sanjiv Goel)তত্ত্বাৱধানত এই সমীক্ষা চলোৱা হৈছিল। সমীক্ষাটো প্রকাশিত হৈছে International Journal of Research in Orthopaedics। তাত সঞ্জীৱ গোৱেলে লিখিছে, ভিটামিন ডি-ৰ (Vitamin D)অভাৱৰ বিষয়টো এতিয়াও দেশৰ জনসাধাৰণৰ মাজত ইমান মান্যতা পোৱা নাই। ভিটামিন ডি-ক তেখেতে এক critical micronutrient বুলি উল্লেখ কৰি কৈছে, ই পেশী আৰু হাড়ৰ গঠনত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । আনকি সামগ্রিক ভাৱে স্বাস্থ্যৰ সুৰক্ষাও নিশ্চিত কৰে ভিটামিন ডি য়ে। এই বিষয়ে যে দেশৰ জনসাধাৰণৰ সচেতনতা জৰুৰী সেই কথাও তেখেতে জনাইছে। ভিটামিন ডি-ৰ অভাৱ জনিত ৰোগক তেখেতে এক নিৰৱ মহামাৰীৰ সৈতে তুলনা কৰিছে। এব’টৰ পৰিচালক ডঃ শ্রীৰূপা দাসে জনাইছে, ভিটামিন ডি-ৰ অভাৱ বয়ষ্ক সকলৰ মাজতেই দেখা যায়। এই সমীক্ষা ৰপৰা দেখা গৈছে, এই সমস্যা তৰুণ প্রজন্মৰ মাজতো দেখা দিছে। তেওঁ এই বিষয়ে গণসচেতনতা প্ৰচাৰৰ পক্ষে মত পোষণ কৰিছে। তেওঁ লগতে জনাইছে, advanced Vitamin D Nanotechnology formulations ব্যৱহাৰ কৰি এই সমস্যা নিবাৰণৰ চেষ্টা কৰিব পৰা যায় ৷ প্ৰকৃততে সূর্যালোকেই ভিটামিন ডি-ৰ একমাত্র উৎস। কিন্তু ভাৰতীয়সকলে নানা সামাজিক সাংস্কৃতিক প্রতিবন্ধকতাৰ বাবে এই ভিটামিন অর্জনৰপৰা বঞ্চিত হয়। খোৱা আৰু পোচাক পৰিধানৰ বিধিও এইক্ষেত্রত সক্রিয় ভাৱে কাম কৰে। বৰ্তমান নগৰীয়া আৰু আধুনিক জীৱনযাপন পদ্ধতিয়ে ভিটামিন ডি-ৰ অভাৱৰ সমস্যাক অধিক বৃদ্ধি কৰিছে।
প্ৰত্যেক দিনে ৩০ৰপৰা ৪৫ মিনিট সময় শৰীৰত ৰ’দ পৰিবলৈ দিলে এইক্ষেত্রত বহু উপকাৰ হ’ব। কেৱল সেয়ে নহয়, দৈনন্দিন খাদ্যতালিকাত ৰাখিব লাগিব কডলিভাৰ তেল, চামন মাছ, মেকাৰেল, চার্ডিন, টুনা, কণী আৰু কাঠফুলা ।
- Log in to post comments
- 21 views