স্মার্ট গুৱাহাটীৰ হাতীগাঁঁও অজন্তা পথৰ কদৰ্যময় নলা:খবৰ নাই পৌৰ নিগমৰ

Pic

স্বচ্ছ ভাৰতৰ কথা কোৱা বিজেপি চৰকাৰৰ শাসনত গুৱাহাটী কিমান পৰিষ্কাৰ হৈছে?গুৱাহাটীক স্মার্ট চিটী ৰূপে গঢ়ি তুলিবলৈ বিচৰা ৰাজ্য চৰকাৰে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যাৰ সমাধান কৰাৰ বাবে কিমান গুৰুত্ব দিছে!মহানগৰীৰ উন্নয়নৰ বাবে থকা গুৱাহাটী পৌৰ নিগমে গুৱাহাটীবাসীৰ সমস্যাসমূহৰ স্থায়ী সমাধান কৰাৰ বাবে বদ্ধপৰিকৰ নহয় নেকি?কাৰণ পৌৰ নিগমৰ গুৰুত্বহীনতা তথা অৱহেলাৰ বাবে হাতীগাওঁ চাৰিআলি জামে মছজিদৰ সমীপৰ অজন্তা পথৰ এটা নলা ভৰি পৰিছে আৱৰ্জনাৰে ।আৱৰ্জনাৰে ঠাহখাই থকা নলাটো দেখিলে আপুনি ধৰিব নোৱাৰিব এইয়া ডাষ্টবীন নে পানী ওলাই যোৱা নলা।বশিষ্ঠ নদীৰ সৈতে সংলগ্ন গুৰুত্বপূৰ্ণ নলাটোত ৰাতি ১০বজাৰ পিছত স্থানীয় একাংশ কাণ্ডজ্ঞানহীন লোকে ঘৰৰ আৱৰ্জনাসমূহ পেলোৱা বুলিও একাংশ সচেতন লোকে উল্লেখ কৰিছে।

তাৎপৰ্যপূৰ্ণ যে বৃহত্তৰ অঞ্চলটোত পৌৰ নিগমে আৱৰ্জনা পেলাবলৈ ডাষ্টবিনৰ সু-ব্যৱস্থা নকৰা ফলত নলাটোকে জনতাই বাছি লোৱা দেখা গৈছে ডাষ্টবিন হিচাপে।

ৰাজ্য চৰকাৰে গুৱাহাটী স্মাৰ্ট চিটী শ্লোগান আওৰাই থকাৰ সময়তে গুৱাহাটীৰ উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য চুড়ান্ত ব্যৰ্থতাই উদঙাই দিছে স্মার্ট চিটীৰ আচল স্বৰূপ৷ 

অঞ্চলটোৰ সচেতন ৰাইজে উল্লেখ কৰা অনুসৰি বিশেষ নলাটো আৱৰ্জনাৰে পোত খাই থকাৰ বাবে এজাক বৰষুণত উক্ত অঞ্চলটোত ভয়ংকৰ কৃত্ৰিম বানপানীৰো সৃষ্টি হয়।

Your Comments