গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ চেণ্ট্ৰেল মলত ভয়ংকৰ অগ্নিকাণ্ড:চাৰি ঘণ্টাৰ পিছত জুই নিৰ্বাপিত

Pic

গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ চেণ্ট্ৰেল মলত পুৱাই ভয়ংকৰ অগ্নিকাণ্ড।পুৱা ৫বজাত মলখনৰ প্ৰথম মহলাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।

চেণ্ট্ৰেল মলখনৰ প্ৰথম মহলাৰ স্পৰ্টছ বাৰ আৰু ফ্রেণ্ডচ ফুটৱেৰত সূত্ৰপাত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ।

প্ৰাথমিক তথ্য অনুসৰি বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ আশংকা কৰিছে মলখনৰ কৰ্মচাৰীসকলে।যিহেতু মলখন পুৱাভাগত বন্ধ হৈ আছিল,তাৰ বাবে অগ্নিকাণ্ড প্ৰকৃত কাৰণ বৰ্তমান জানিব পৰা হোৱা নাই।

Pic

অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে প্ৰায় চাৰি ঘণ্টাৰো অধিক সময় অগ্নিনিৰ্বাপক বাহিনীৰ আপ্ৰাণ প্ৰচেষ্টাত জুই নিয়ন্ত্ৰণ হয়।

ইফালে,অগ্নিকাণ্ডত ক্ষয়-ক্ষতিৰ পৰিমাণ বৰ্তমানেও জানিব পৰা হোৱা নাই।

উল্লেখ যে জুই নিয়ন্ত্ৰণলৈ আনিবলৈ অগ্নিনিৰ্বাপক বাহিনীৰ ১২ খনৰো অধিক বাহনক ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়।

Your Comments