ডাঃ ৰুপেশ কেজৰিৱালৰ মৃত্যুত জিএমচিএইচ নে জিএনআৰচি দায়ী!:তদন্ত ঘোষণা

Pic

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ ৰুপেশ কেজৰিৱালৰ মৃত্যুৰ তদন্ত ঘোষণা।কাৰ ভুলৰ বাবে চিকিৎসা অবিহনে দুৰ্ঘটনাত পতিত  হোৱা চিকিৎসকগৰাকীয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল!সমগ্ৰ বিষয়টোক লৈ সৃষ্টি হৈছে গভীৰ ৰহস্যৰ।

প্ৰাপ্ত খবৰ অনুসৰি শুকুৰবাৰে পুৱতি নিশা দুৰ্ঘটনাগ্ৰস্ত হৈছিল ডাঃ কেজৰিৱাল।পুৱতি নিশা মটৰ চাইকেলত আহি থকা অৱস্থাত অচিনাক্ত বাহনৰ সৈতে হোৱা সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈ মুমুৰ্ষ অৱস্থাত পথৰ দাঁতিত পৰি থকা কেজৰিৱালক হাতীগাঁও আৰক্ষীয়ে নিশা প্ৰায় ১মান বজাত ভৰ্তি কৰাইছিল জিএনআৰচিৰ হাস্পতালত।কিন্তু চিকিৎসকগৰাকীৰ অৱস্থা সংকটজনক দেখি উন্নত চিকিৎসাৰ বাবে জিএনআৰচি চিকিৎসালয় কৰ্তৃপক্ষই গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।পুৱা ৫ বজাত চিকিৎসক কেজৰিৱালক জিএমচিএইচত চিকিৎসাৰ বাবে ভৰ্তি কৰা হয়।কিন্তু দুৰ্ভাগ্যজনকভাৱে কোনো ধৰণৰ চিকিৎসা অবিহনে জিএমচিএইচত মৃত্যুক সাৱতিলে ডাঃ ৰুপেশে।

আনহাতে,দুৰ্ঘটনাগ্ৰস্ত চিকিৎসকগৰাকীৰ মৃত্যুত বিভিন্ন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।অভিযোগ উঠিছে জিএমচিএইচত উপযুক্ত চিকিৎসা নোপোৱাকৈ মৃত্যু হৈছে ডাঃ ৰুপেশৰ।বিভিন্ন মহলত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াক লৈ জিএমচিএইচ কৰ্তৃপক্ষই সমগ্ৰ বিষয়টোৰ তদন্তৰ ঘোষণা কৰিছে।জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই জনোৱা অনুসৰি ঘটনাৰ উচিত তদন্ত কৰা হ'ব।পৰৱৰ্তী পৰ্যায়ত প্ৰকাশ কৰা সমগ্ৰ ঘটনাৰ বিস্তৃত বিৱৰণ।

ইফালে,এক সূত্ৰত প্ৰকাশ পোৱা খবৰ অনুসৰি জিএনআৰচি কৰ্তৃপক্ষৰ চৰম হেমাহিৰ বাবে মৃত্যু হৈছে ডা: ৰুপেশৰ।ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনে দুৰ্ঘটনাগ্ৰস্ত ৰুপেশক কৰা নাছিল স্বাস্থ্যৰ বিশেষ পৰীক্ষা।নামমাত্ৰ চিকিৎসা কৰি চিকিৎসকগৰাকীক প্ৰেৰণ কৰা হৈছিল জিএমচিএইচলৈ।যাৰ বাবে গুৰুতৰভাৱে আহত চিকিৎসকগৰাকীৰ অতিমাত্ৰা ৰক্তক্ষৰণ হৈ মৃত্যুক সাৱটি লোৱাৰ আশংকা প্ৰকাশ কৰিছে সূত্ৰটোৱে।সূত্ৰটোত উল্লেখ কৰা মতে মৃত ৰুপেশৰ দুৰ্ঘটনাত এখন ভৰি সম্পূৰ্ণৰূপে ভাগি গৈছিল।কিন্তু জিএনআৰচি কৰ্তৃপক্ষই দুৰ্ভগীয়া চিকিৎসকগৰাকীক কেৱল মাত্ৰ কপালত পোৱা আঘাতৰ সামান্য চিকিৎসা কৰি জিএমচিএইচলৈ প্ৰেৰণ কৰিছিল।দুৰ্ঘটনাত পতিত এগৰাকী লোকক কৰিব লগা প্ৰাথমিক স্বাস্থ্য পৰীক্ষাও সম্পূৰ্ণ কৰা নাছিল বুলি সূত্ৰটোৱে উল্লেখ কৰিছে।

Your Comments