*"চাৰ্টাড বিমানত কাজু,কিচমিচ খাই জনতাৰ লগত চাইকেল চলাবলৈ যায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই"
'বাংলাদেশৰ লগত সম্পৰ্ক কি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ!মাজে মাজে কিয় বাংলাদেশ যায় তেওঁ?মোৰ হাতত খবৰ আছে বাংলাদেশত কি হৈছে তেওঁ ভালকৈ জানে'।মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এই অভিযোগ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ। মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলে বাংলাদেশত এশখন আসন পাব বুলি কৰা তাচ্ছিল্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন মন্ত্ৰী হুছেইনে কয়-"মানুহৰ মগজু গৰম হ'লে এনেধৰণৰ যি টি কয়।বেয়া দিন আহিলে মানুহৰ মগজু বেয়া হয়।তেওঁলোকে এশ ক'ত ক'ত পাব দেখুৱাওক।কিন্তু আমি দেখাই দিম ১০১খন আসন আমি মহাজোঁটে ক'ত পাম।"
"কংগ্ৰেছ দলৰ বিৰুদ্ধে ২০১৬ চনৰ নির্বাচনত বিজেপি দলৰ কাষ চপা বহুতো জাতি-জনগোষ্ঠীৰ সংগঠনে আকৌ কংগ্ৰেছৰ দলৰ সৈতে কথা পাতিছে।কাৰণ বিজেপিয়ে তেওঁলোকক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ নহ'ল"- হুছেইনে কয়।
বিজেপি দলে হিন্দু বঙালী প্ৰেম দেখুৱাই,কিন্তু সেই বিজেপিৰ বিৰুদ্ধে ১৪টাকৈ বঙালী সংগঠনে সুকীয়া ৰাজনৈতিক দলৰ জন্ম দিছে বুলি কটাক্ষ কৰি একালৰ সতীৰ্থ মন্ত্ৰীগৰাকীয়ে কয়-"বিজেপিয়ে যদি ইমানেই ভাল কাম কৰিছে,তেন্তে জনতা ভৱনত মন্ত্ৰী নাথাকি কিয় খোজকাঢ়ি-চাইকেল চলাই কষ্ট কৰি পানীত সাঁতুৰি থাকিবলৈ লগা হৈছে!"
আজি বিজেপিৰ ৬০জন বিধায়কৰ ৫০ জনৰে যদি ৰিপ'ৰ্ট কাৰ্ড বেয়া,তেন্তে কেনেকৈ চৰকাৰখন সফল হ'ল বুলি প্ৰশ্ন কৰি হুছেইনে কয়-"৫০জন বিধায়কৰ যেতিয়া ৰিপ'ৰ্ট কাৰ্ড বেয়া বুলি খবৰ ওলাল,গ্ৰেছ মাৰ্ক দি বিজেপিয়ে আকৌ কৈছে বহুকেইজনৰ ৰিপৰ্ট কাৰ্ড ভাল।ৰাইজে গ্ৰেছ মাৰ্ক দিয়া নাই কিন্তু তেওঁলোকে নিজে দি লৈছে।"
মন্ত্ৰী হিমন্তক কটাক্ষ কৰি ৰকিবুলে কয়-কাজু,কিচমিচ খাই চাৰ্টাড বিমান লৈ ৰাইজৰ মাজত চাইকেল চলাবলৈ যায় তেওঁলোক।
"তেওঁলোকে যিমান সময়ত ২২ কিঃমিঃ চাইকেল চলোৱা বুলি দাবী কৰে,অলিম্পিকৰ ৰেকৰ্ড ভংগ কৰি কয়।আজি কালি কিঃমিঃ বোৰ সৰু হৈ গ'ল নেকি"-হুছেইনে কয়।
- Log in to post comments
- 13 views