*"কংগ্ৰেছ দল এতিয়া মৃত্যু পথৰ যাত্ৰী"- অতুল বৰা*
#কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ,৩১ জানুৱাৰী:
"কংগ্ৰেছ দল এতিয়া মৃত্যু পথৰ যাত্ৰী।সেয়ে দেশলৈ স্বাধীনতা অনা কংগ্ৰেছ দলে এতিয়া এ আই ইউ ডি এফ দলৰ সৈতে মিত্ৰতা কৰিবলৈ বাধ্য হৈছে।"এই মন্তব্য অগপ দলৰ সভাপতি অতুল বৰাৰ। আজি কলিয়াবৰৰ কুঁঁৱৰীটোলত অনুষ্ঠিত জাতীয় ঐক্য সমাৰোহত অংশ লৈ অগপ দলৰ সভাপতিগৰাকীয়ে নিৰ্বাচনৰ প্ৰাকমূহৰ্তত কংগ্ৰেছৰ বিৰুদ্ধে এই মন্তব্য কৰে। ভাষন প্ৰসংগত তেওঁ লগতে অসম গণ পৰিষদে নহয় জাতীয় সংগঠনৰ নেতাইহে জাতিত শেষ গজাল মাৰি জাতিটোক মাটিৰ দুফুট তললৈ নিলে বুলি প্ৰকাশ কৰে। কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু নাম নোলোৱাকৈ আছুকো এইদৰে তীব্ৰ সমালোচনা কৰে তেওঁ।
অসম গণ পৰিষদ দলৰ দূৰ্গ স্বৰূপ কলিয়াবৰ সমষ্টিত কলিয়াবৰ বিধানসভা পৰিষদৰ উদ্যোগত কুঁৱৰীটোল গান্ধী খেলপথাৰত তথা অসম গণ পৰিষদৰ কাৰ্য্যকৰী সভাপতি, স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিত আয়োজন কৰা এই জাতীয় ঐক্য সমাৰোহৰ দলৰ মুখপাত্ৰ তথা তথ্য- প্ৰযুক্তি বিভাগৰ সম্পাদক মণি মাধৱ মহন্তই আঁত ধৰে। অনুষ্ঠানত অগপ দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে কলিয়াবৰ সমষ্টিৰ পৰা পুনৰ অভিলেখসংখ্যক ভোটত জয়ী কৰিবলৈ কলিয়াবৰীয়া ৰাইজক আহ্বান জনায়।
স্থানীয় বিধায়ক, মন্ত্ৰী তথা অগপৰ কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই কয় যে চাওলুং চুকাফাই যিদৰে সাত ৰাজ মাৰি এক ৰাজ কৰিছিল সেইদৰেই আজি পৱিত্ৰ মে ডাম মে ফিৰ দিনটোতেই কলিয়াবৰত অগপৰ কাৰ্যব্যৱস্থাৰ বাবে বিভিন্ন দল-সংগঠনৰ বহু লোকেই আকৃষ্ট হৈ দললৈ অহাটো শুভ লক্ষণ।পূৰ্বৰ প্ৰতিশ্ৰুতি মতে সমষ্টিত পথ, পানী, পোহৰৰ কাম প্ৰায় ৯৫ শতাংশ সম্পূৰ্ণ হৈছে বুলি মন্তব্য কৰে তেওঁ। আগন্তুক দিনত কলং পুনৰ প্ৰৱাহিত কৰা পদক্ষেপ গ্ৰহণ কৰাৰ লগতে সমষ্টিটোত এখন,আইন মহাবিদ্যালয় , মহকুমা পৰ্যায়ৰ চিকিৎসালয় , চাহ বাগিচাত দুখন চিকিৎসালয় আৰু তিনিখন বিদ্যালয় স্থাপন কৰাৰ প্ৰস্তুতি চলি আছে বুলি লগতে কয়। ইয়াৰ উপৰিও অসম সমবায় মৰাপাট কলৰ দ্বিতীয় ইউনিট স্থাপন, বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ স্থাপনৰ কাম কৰি থকাৰ লগতে 'স্ব-নিয়োজন আৰু আত্মনিৰ্ভৰশীল কলিয়াবৰ' শীৰ্ষক লক্ষ্যৰে আগন্তুক দিনত কাম কৰাৰ পণ কৰা বুলিও মন্তব্য কৰে মহন্তই। তেওঁ আৰু কয় যে মোৰ কাৰণে কলিয়াবৰৰ কোনো এজন লোকেই আনৰ ওচৰত কেতিয়াও হেয় প্ৰতিপন্ন হ'ব নালাগে। কোনো লোকৰে মান-মৰ্য্যাদা আৰু আত্মসন্মান-স্বাভিমান হানি হ'বলৈ নিদিও। এখন উজ্জীৱিত কলিয়াবৰ গঢ়ি তোলাৰ পোষকতাৰে মহন্তই লগতে কয়-"আজি মই কোনো ৰাজনৈতিক কথা নকও,কোন দল ভাল, কোন দল বেয়া তাকো নকওঁঁ। তেওঁ লগতে সমষ্টিবাসী ৰাইজৰ মাজত থকা মত পাৰ্থক্য আঁঁতৰাই কলিয়াবৰৰ উন্নয়নৰ হকে একেলগে কামকৰি যোৱাৰো পোষকতা কৰে ।
অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাই বক্তব্যত পুনৰ কয় যে অসম গণ পৰিষদক জন্ম লগ্নৰে পৰা কিছুমান চকুচৰহাই সময়ে সময়ে সমালোচনা কৰি আহিছে যদিও ৰাইজে দলটোক আকোঁৱালি লৈছে। নিৰ্বাচন আহিলেই কংগ্ৰেছ দলৰ চৰিত্ৰ ওলাই পৰে, পুৰণা বেমাৰে উক দিয়ে বুলিও তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে বৰ্তমান এ আই ইউ ডি এফৰ লগত কংগ্ৰেছে মিত্ৰতা কৰিছে। কিন্তু এই মিত্ৰতা পূৰ্বে লোকসভাৰ নিৰ্বাচনতেই গোপনে কৰিছিল। তেওঁ কংগ্ৰেছ, এ আই ইউ ডি এফৰ লগতে সাংসদ অজিত কুমাৰ ভূঞাকো সমালোচনা কৰে। তেওঁ আৰু কয় যে য'তেই প্ৰগতি আছে তাতেই উন্নয়ন আছে। আমি সৃষ্টি বিচাৰিছোঁ, ধ্বংস নহয়। কংগ্ৰেছ দলৰ সভাপতি ৰিপুন বৰাই অসমৰ বহু পুৰোধা ব্যক্তিক হেয় প্ৰতিপন্ন কৰি মন্তব্য কৰিছে। ৰিপুন বৰাৰ মতিভ্ৰম হৈছে বুলিও তীব্ৰ সমালোচনা কৰে।
- Log in to post comments
- 53 views