দলীয় টিকট পালে হাজোৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু অজাপ নেতা বিবেকানন্দ চৌধুৰী

Pic

বিশেষ প্ৰতিবেদক,হাজো:

অসম জাতীয় পৰিষদৰ লক্ষ্য-উদ্দেশ্যৰ প্ৰতি আকৃষ্ট হৈ চলিত সপ্তাহত দলটোত যোগদান কৰা হাজোৰ সুসন্তান তথা কোকৰাঝাৰ জিলাৰ প্ৰাক্তন উপাযুক্ত বিবেকানন্দ চৌধুৰীয়ে দলীয়ভাৱে সহাঁঁৰি পালে আগন্তুক বিধানসভা নিৰ্বাচনত হাজো বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সাজু।২৯ জানুৱাৰীত হাজো গড়কাপ্তানি পৰিদৰ্শন বঙলাত দিনৰ দুই বজাত এক সংবাদ মেল সম্বোধন কৰি এইদৰে তেওঁ মত প্ৰকাশ কৰে। সাম্প্ৰতিক অসমৰ আঞ্চলিক ৰাজনৈতিক পেক্ষাপটত নতুনকৈ জন্ম লোৱা অসম জাতীয় পৰিষদ দলৰ উত্থানে হাজোৰ ৰাজনৈতিক ক্ষেত্ৰতো প্ৰভাৱ বিস্তাৰ কৰিছে। তেনে সময়তে দলটোৰ প্ৰতি আস্থা প্ৰকাশ কৰি প্ৰাক্তন আছু কৰ্মী, অসম আন্দোলনৰ সৈতে জড়িত তথা প্ৰশাসনিক বিষয়াগৰাকীয়ে দলটোত যোগদান কৰি সম্প্ৰতি দলীয় সাংগঠনিক ভেঁঁটি সুদৃঢ় কৰাৰ বাবে নামি পৰিছে বুলিও মন্তব্য কৰে।

বিভবানন্দ চৌধুৰী, সৰোজ কুমাৰ কলিতা, মাণিক আহমেদ, আজগৰ আলী, নিভা চৌধুৰী আৰু দেৱান ময়দুল ইছলামৰ উপস্থিতিত জাতীয় পৰিষদৰ নেতাগৰাকীয়ে সাংবাদমেলত প্ৰচুৰ সম্ভাৱনাময় হাজোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভূমিকা ল'ব বুলি দোহাৰে।

সম্প্ৰতি অসম জাতীয় পৰিষদৰ উপ -সভাপতি দুলু আহমেদৰ নেতৃত্বত হাজো সমষ্টিৰ চুকে-কোণে জনসাধাৰণৰ মাজত সাংগঠনিক ভেটি সবল কৰাৰ অহৰহ প্ৰচেষ্টা চলাই থকাৰ সময়তে প্ৰাক্তন প্ৰশাসনিক বিষয়া বিবেকানন্দ চৌধুৰীৰ যোগদানে সমষ্টিটোত চৰ্চা লাভ কৰিছে।

ইফালে,দলীয় কাৰ্যালয় একাষৰীয়া কৰি হাজো গড়কাপ্তানি পৰিদৰ্শন বঙলাত সংবাদ মেল সম্বোধন কৰা কাৰ্য্য লক্ষণীয় হৈ পৰিছে।

Your Comments