মাজুলীত ভুৱা হিতাধিকাৰীয়ে লাভ কৰিলে ঘৰ : ৰাইজৰ প্ৰতিক্ৰিয়া 

মাজুলীত ভুৱা হিতাধিকাৰীয়ে লাভ কৰিলে ঘৰ : ৰাইজৰ প্ৰতিক্ৰিয়া 

মাজুলীৰ ঠাকুৰসুঁতি গাঁও নিবাসী এ মিলি (অনং মিলি )ৰ নামত থকা আই ডি নম্বৰটো লৈ বৰগুৰি গাঁৱৰ ভুৱা হিতাধিকাৰী  অনমাই মিলি নামৰ মহিলাগৰাকীয়ে নথিপত্ৰ জালিয়াতি কৰি ২০১৬-১৭ বিত্তীয় বৰ্ষৰ প্ৰধান-মন্ত্ৰী আৱাস যোজনা চমুকৈ পি এম এ ৱাই ঘৰ নিৰ্মাণ কৰাক লৈ মাজুলীত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উজনি মাজুলী উন্নয়ন খণ্ডৰ ৰঙাচাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৪নং ৱাৰ্ড ঠাকুৰসুঁতি গাঁৱৰ অনং মিলি, পিতা খৰ্গেশ্বৰ পায়েঙৰ নামত থকা আই ডি নম্বৰ এ এছ ১৭৪৪৩২৮ নম্বৰটো ১নং ৱাৰ্ড বৰগুৰি গাঁৱৰ অনমাই মিলি, স্বামী মণিকান্ত মিলি নামৰ ভুৱা হিতাধিকাৰীগৰাকীয়ে সংশ্লিষ্ট পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া-কৰ্মচাৰী, পঞ্চায়ত প্ৰতিনিধিৰ পূৰ্ণ সহযোগত ধনৰ লেনদেন কৰি দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ বিধৱা প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ পোৱা গৈছে ।

জনামতে, অনং মিলিয়ে ধেমাজিত মিলি উপাধিৰ লগত বিয়া হৈছিল যদিও স্বামীৰ মৃত্যুৰ পিছত ২০১০ চনৰ পৰা পিতৃগৃহ মাজুলীৰ ঠাকুৰসুঁতি গাঁৱলৈ ঘূৰি আহি ইয়াতে ঘৰ পাতি থাকিবলৈ লয় ।

২০১১ চনত হোৱা আৰ্থ-সামাজিক পিয়লত অনং মিলিৰ দুখীয়া দৰিদ্ৰ পৰিয়াল হিচাপে নাম সন্নিবিষ্ট হয় । সেইমতে পি এম এ ৱাই ঘৰৰ বাবে এ এছ ১৭৪৪৩২৮ আই ডি নম্বৰটো এ মিলি হিচাপে অনুমোদন হৈ আহে যদিও পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া-কৰ্মচাৰী, পঞ্চায়ত প্ৰতিনিধিৰ প্ৰত্যক্ষ সহযোগত প্ৰকৃত দৰিদ্ৰ হিতাধিকাৰীক বঞ্চিত কৰি বৰগুৰি গাঁৱৰ অনমাই মিলি নামৰ ভুৱা হিতাধিকাৰীক ঘৰ নিৰ্মাণ কৰিবলৈ ইন্ধন দিয়া কাৰ্যত ভুক্তভোগী পৰিয়াল তথা অঞ্চলবাসী লোকৰ মাজত সৰৱ চৰ্চা চলিছে ।

Your Comments