অসমীয়াৰ হেঁপাহৰ মাঘ বিহুলৈ মাজত আৰু এটা সপ্তাহ।ৰাজ্যৰ চৌদিশে ভোগালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি।পৰম্পৰা অনুসৰি গাঁওসমূহত আৰম্ভ হৈছে আটকধুনীয়া বিভিন্ন আকৃতিৰ ভেলাঘৰ-মেজি নিৰ্মাণৰ প্ৰস্তুতি।এক কথাত ক'বলৈ গ'লে গঞা ৰাইজ ব্যস্ত পৰম্পৰা-ৰীতি-নীতি ৰক্ষা কৰি ভোগালীক জীয়াই ৰখাত।
ইফালে,গাঁৱৰ তুলনাত গুৱাহাটী মহানগৰীত যান্ত্ৰিকতাৰ কৰাল গ্ৰাসত ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে অসমীয়াৰ স্বাভিমানৰ মাঘ বিহুৰ পূৰ্বৰ সেই পৰম্পৰা।মহানগৰীত ক্ৰমাৎ বিলুপ্ত পাবলৈ ধৰা ভোগালীৰ পৰম্পৰা,ৰীতি-নীতি জীয়াই ৰখাৰ প্ৰয়াস এগৰাকী অসমীয়াৰ।দেহশ্ৰী প্ৰতিযোগিতাত এসময়ত মিষ্টাৰ অসমৰ খিতাপ দখল কৰা ব্যক্তিজনৰ নাম বাবুল চেতিয়া।আগন্তক মাঘ বিহুৰ প্ৰতি লক্ষ্য ৰাখি ব্যস্ত গুৱাহাটীবাসীৰ সুবিধা হোৱাকৈ বিক্ৰীৰ বাবে তেওঁ প্ৰস্তুত কৰিছে ভোগালীৰ অন্যতম আকৰ্ষণ মেজি।বাঁহ-খেৰেৰে সাজি উলিওৱা বিভিন্ন আকাৰৰ মেজিসমূহ বিক্ৰী কৰাৰ তেওঁ ব্যৱস্থা কৰিছে।
গুৱাহাটীৰ উলুবাৰী নাৰ্ছাৰী তিনিআলিৰ 'সতেজ অসম' নামৰ বিপনীখনত উপলব্ধ হৈছে মেজিসমূহ। উল্লেখ যে নিজে প্ৰস্তুত কৰা বিভিন্ন আকাৰৰ মেজিসমূহ বিক্ৰীৰ বাবে এয়া প্ৰথম পদক্ষেপ চেতিয়াৰ। গ্ৰাহকৰ সুবিধা হোৱাকৈ তিনিটা আকাৰত প্ৰস্তুত কৰা মেজিৰ মূল্য ক্ৰমে ডাঙৰ ২০০০টকা,মজলীয়া ১৫০০ টকা আৰু সৰু ১২০০টকা ধাৰ্য কৰিছে। গুৰুত্বপূৰ্ণ যে চেতিয়াই উল্লেখ কৰা অনুসৰি ১০টা মেজি যোৱা দুটা দিনত ইতিমধ্যে বিক্ৰী হৈছে।প্ৰয়োজনত গ্ৰাহকৰ পৰা অৰ্ডাৰ লৈ মেজি প্ৰস্তুত কৰিব বুলি জানিবলৈ দিয়ে। চেতিয়াই কয়-"মেজি প্ৰস্তুতৰ বাবে বাঁহসমূহ চেৰাপভাটিৰ পৰা লোৱা হৈছে।বিপৰীতে খেৰসমূহ গাঁৱৰ পৰা অনা হয়।এটা মেজি সাজিবৰ বাবে নূন্যতম প্ৰয়োজন হয় ৫-৬ ঘণ্টাৰ।"
"গাওঁসমূহত অসমীয়া ৰাইজে মাঘ বিহুৰ পৰম্পৰা জীয়াই ৰাখিছে।কিন্তু মহানগৰীত ই ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে।ঠাইৰ অভাৱৰ লগতে মানুহ ব্যক্তিকেন্দ্ৰিক হৈ পৰিছে।ঘৰতে পৰিয়ালৰ সৈতে অসমীয়া পৰম্পৰা যাতে গুৱাহাটীবাসীয়ে জীয়াই ৰাখিব পাৰে তাৰ বাবে সামান্য প্ৰয়াস"- চেতিয়াই কয়।
- Log in to post comments
- 103 views