বটদ্ৰৱা কাণ্ডৰ অভিযুক্ত দুই নাবালকক ৩ বছৰৰ কাৰাদণ্ড

বটদ্ৰৱা কাণ্ডৰ অভিযুক্ত দুই নাবালকক তিনি বছৰৰ কাৰাদণ্ড

সমগ্ৰ ৰাজ্য জোকাৰি যোৱা নগাঁও জিলাৰ বটদ্ৰবাৰ লালুংগাঁৱত সংঘটিত জঘন্য ধৰ্ষণ কাণ্ডৰ লগত জড়িত থকা দুই অভিযুক্ত নাবালকক আজি জুভেনাইল জাষ্টিচ বোৰ্ডে তিনি বছৰৰ শাস্তি প্ৰদান কৰে ।

আজি অভিযুক্ত নাবালকদ্বয়ক আদালতত পুৱাই হাজিৰ কৰোৱা হয় আৰু বোৰ্ডৰ প্ৰধান দণ্ডাধীশগৰাকীয়ে দুয়োকে তিনি বছৰৰ বাবে পৰ্যবেক্ষণ গৃহত ৰখাৰ শাস্তি দিয়ে । এই শাস্তিৰে দণ্ডিত হোৱা দুই নাৱালকক আৰক্ষীয়ে ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজেৰে যোৰহাটৰ পৰ্যবেক্ষণ গৃহৰ কাৰাগাৰলৈ লৈ যায় ।

উল্লেখ্য, চলিত বৰ্ষৰ ২৩ মাৰ্চত বটদ্ৰবা লালুংগাৱঁৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীক গাঁওখনৰে জাকিৰ হুছেইন নামৰ দুটা সন্তানৰ পিতৃ লম্পটজনে ধৰ্ষণ কৰি গাত কেৰাচিন তেল ঢালি জ্বলাই দিছিল ।

ফলত কিশোৰীগৰাকীৰ মৃত্যু হৈছিল । জাকিৰ হুছেইনৰ এই বৰ্বৰ কাণ্ডৰ সহযোগিতা কৰাৰ অপৰাধত এই দুই নাবালকক শাস্তি প্ৰদান কৰা হয় ।  ঘটনা সংঘটিত কৰাৰ পিছত আৰক্ষীয়ে জাকিৰ হুছেইনৰ লগতে এই দুই নাবালক আৰু আন ৫জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল ।

পিছত আৰক্ষীয়ে আদালতত দিয়া অভিযোগনামাৰ ভিত্তিত নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে কালি মূল অভিযুক্ত জাকিৰ হুছেইনক দোষী সাব্যস্ত কৰাৰ লগতে আন ৫জনক দোষমুক্ত ঘোষণা কৰিছিল ।

জাকিৰ হুছেইনৰ শাস্তি কি হ'ব সেয়া ৭ ছেপ্টেম্বৰত আদালতে ঘোষণা কৰিব বুলি জানিব পৰা গৈছে ।

এই ৰায়ৰ পিছত দুই নাবালক তিনি বছৰৰ বাবে যোৰহাটৰ শিশু পৰ্যবেক্ষণ গৃহত জীৱন অতিবাহিত কৰিব লগাটো নিশ্চিত হ'ল ।
 

Your Comments