খানাপাৰাৰ হোটেল পেলেচিঅ'ৰ কৰ্মচাৰীক আক্ৰমণৰ তদন্ত বিচাৰি দিছপুৰ আৰক্ষী থানাত সদৌ অসম হস্পিটেলিটী কৰ্মচাৰী সন্থাৰ শনিবাৰে প্ৰতিবাদ।৩০ডিচেম্বৰৰ নিশা গ্ৰাহকৰূপী কিষাণু শৰ্মাৰ নেতৃত্বত অহা দুৰ্বৃত্তৰ দলটোৱে হোটেলখনত কৰ্মৰত দুজন কৰ্মচাৰীৰ ওপৰত কৰা আক্ৰমণৰ উচিত তদন্ত দাবী কৰি সাব্যস্ত কৰে প্ৰতিবাদ। গুণ্ডা কিষাণুৰ আক্ৰমণত আহত কৰ্মচাৰী শ্রীমন্ত হাজৰিকাই সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি- ৩০ডিচেম্বৰৰ ৰাতি বাৰত প্ৰথমে কিষাণু শৰ্মাৰ দলটোৱে সুৰাপান কৰি প্ৰায় ১১.৩০ বজাত খাদ্য অৰ্ডাৰ দিয়ে।খাদ্য যোগান ধৰাত অলপ পলম হোৱাৰ বাবে পাকঘৰত প্ৰৱেশ কৰি ৰান্ধনীক হত্যাৰ অপচেষ্টা চলোৱাৰ লগতে বেয়াকৈ প্ৰহাৰ কৰে।গুণ্ডাৰ দলটোত প্ৰায় ৫ জন থকা বুলি উল্লেখ কৰে আক্ৰমণৰ বলি হোৱা হাজৰিকাই। হোটেলখনৰ প্রত্যক্ষদৰ্শী কৰ্মচাৰীৰ ভাষ্য অনুসৰি দুৰ্বৃত্তৰ দলটোৱে পেলিচিঅ' হোটেল আৰ.ডি.এক্সৰে উৰাই দিয়াৰো ভাবুকি দিয়ে।
দুৰ্বৃত্তৰ আক্ৰমণৰ সমগ্ৰ দৃশ্য বন্দী হৈছে হোটেলখনৰ চিচিটিভিত।শ্ৰীমন্ত হাজৰিকাৰ ১১টাকৈ চিলাই পৰাৰ বিপৰীতে অন্যজন কৰ্মচাৰী কুলদ্বীপ ডেকাৰ তিনিটা চিলাই পৰিছে। গুণ্ডা কিষাণুৱে ৰান্ধনীশালৰ বাতিৰে কৰ্মচাৰী দুজনক প্ৰহাৰ কৰা বুলি কয়। আনহাতে,সমগ্ৰ ঘটনা সন্দৰ্ভত ৩১ডিচেম্বৰত দিছপুৰ আৰক্ষী থানাত এজাহাৰ দিয়া হৈছিল।কিন্তু এজাহাৰৰ দিয়া দুটা দিন উকলি যোৱাৰ পিছতো দোষীক কৰায়ত্তৰ বাবে দিছপুৰ আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলি আজি আৰক্ষী থানাৰ সন্মুখত কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।
গুৰুত্বপূৰ্ণ যে আক্ৰমণত আহত কৰ্মচাৰীৰ ভাষ্য মতে কিছুদিন পূৰ্বে গণেশগুৰিত শিল্পী জুবিন গাৰ্গক আক্ৰমণত জড়িত থকা এজন অভিযুক্ত আক্ৰমণকাৰীৰ সৈতে হুবহু একেই। ইফালে,এজাহাৰৰ ভিত্তিত দিছপুৰ থানাত ৩৩৫৩/২০২০ নম্বৰত ধাৰা ৪৪৮/৩২৫/৩৪ গোচৰ ৰুজু কৰা হৈছে।
উল্লেখ যে কৰ্মচাৰী সকলৰ প্ৰতিবাদ চলি থকা প্ৰত্যক্ষ কৰি দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰফুল্ল দাসে পলায়ন কৰে। কিন্ত পৰৱৰ্তী সময়ত এচিপি হিমাংশু দাস প্ৰতিবাদস্থলীত উপস্থিত হৈ দোষীক কৰায়ত্ত কৰা আশ্বাস প্ৰদান কৰাত সামায়িকভাৱে স্থগিত ৰাখে প্ৰতিবাদ।
- Log in to post comments
- 112 views