ক'ৰ'না ভাইৰাছৰ বাবে ঘোষণা হোৱা লকডাউনৰ ফলত বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষানুষ্ঠান আজিৰে পৰা পুনৰ মুকলি হ'ল।স্বাস্থ্য বিভাগে বান্ধি দিয়া ক'ভিডৰ সকলো নীতি-নিৰ্দেশনা পালন কৰি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰা মুকলি হ'ল শিক্ষানুষ্ঠান।৯ মাহ ধৰি বন্ধ হৈ আছিল বিদ্যালয়সমূহ। উল্লেখ যে শিক্ষা বিভাগে বিদ্যালয় মুকলি কৰাৰ সন্দৰ্ভত ইতিমধ্যে জাৰি কৰিছিল এছঅ'পি।তাৰ ভিত্তিতে মুকলি হ'ল শিক্ষানুষ্ঠানসমূহ। গুৰুত্বপূৰ্ণ যে ছাত্ৰ-ছাত্ৰী উপস্থিত থকাটো বাধ্যতামূলক নহয়।অভিভাৱকৰ অনুমতি সাপেক্ষে ছাত্ৰ-ছাত্ৰীসকল আহিবলৈ পাৰিব বিদ্যালয়লৈ। ছেনিটাইজিঙৰ ব্যৱস্থা কৰি কৰ্তৃপক্ষই মুকলি কৰিছে শিক্ষানুষ্ঠানৰ দুৱাৰ।
- Log in to post comments
- 15 views